অসম

assam

ETV Bharat / state

Rahul Gandhi disqualify issue : ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Rahul Gandhi disqualify issue)। অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁৰ মতে ৰাহুল গান্ধীয়ে কৰ্মৰ ফল পাইছে । এটা সম্প্ৰদায়ক লৈ অপমানজনক মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে । ক্ষমা বিচাৰিলে এনে পৰিস্থিতিৰ সন্মুখীন হ'ব নালাগিলহেঁতেন ।

By

Published : Mar 25, 2023, 3:25 PM IST

Updated : Mar 25, 2023, 3:57 PM IST

Rahul Gandhi disqualify issue
ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

গুৱাহাটী,২৫ মাৰ্চ : "ৰাহুল‌ গান্ধীয়ে নিজৰ কৰ্মৰ ফল পাইছে ।" এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । অপৰাধমূলক মানহানি গোচৰত গুজৰাটৰ চুৰাট আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰাৰ পাছত ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা হয় । সাংসদ পদ খাৰিজ সন্দৰ্ভত শনিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে (Assam CM reacts on Rahul Gandhi disqualification)।

তেওঁ কয় যে মানহানি গোচৰত গুজৰাটৰ চুৰাট আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰা আৰু ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ ক্ষেত্ৰত বিজেপিৰ কোনো দোষ নাই । তেওঁৰ মতে ৰাহুল‌ গান্ধীয়ে নিজৰ কৰ্মৰ ফল পাইছে । মুখ্যমন্ত্ৰীয়ে কয় যে কোনো সম্প্ৰদায়ক অপমান কৰিব নালাগে । যিটো ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপাধিকলৈ বিৰূপ মন্তব্য কৰি এটা সম্প্ৰদায়ক অপমান কৰিছে । এয়া এক সম্প্ৰদায়ৰ আত্মসম্মান আৰু এগৰাকী ব্যক্তিৰ অহংকাৰ জড়িত হৈ আছে ।

এই ক্ষেত্ৰত বিজেপি দল জড়িত নহয় । তেওঁ লগতে কয় যে ভাষণ দিয়াৰ সময়ত জিভা পিচলিব পাৰে । দুই এটা কথা ভুলকৈ ওলাব পাৰে । তাৰবাবে পাছত লগে লগে ক্ষমা খুজিব লাগে । কিন্তু ৰাহুল গান্ধীয়ে ক্ষমা নুখুজিলে । ক্ষমা খুজিলে ৰাহুল গান্ধীয়ে এনে পৰিস্থিতিৰ সন্মুখীন নহ'লহেঁতেন বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে (Assam CM slams Rahul Gandhi)।

মুখ্যমন্ত্ৰীয়ে কয় যে আদালতে সঠিক কাম কৰিছে । ইয়াক লৈ ৰাজনীতি কৰিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে । উল্লেখ্য যে গুজৰাটৰ চুৰাট আদালতে ইতিমধ্যে দোষী সাব্যস্ত কৰি ২ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে ৰাহুল গান্ধীক (Rahul Gandhi Modi surname issue)। অৱশ্যে ইতিমধ্যে ৰাহুল গান্ধীয়ে জামিন লাভ কৰিছে । ২০১৯ চনত লোকসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপাধিক লৈ এক বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উঠিছিল ।

এই সন্দৰ্ভত গুজৰাটৰ চুৰাটৰ আদালতত এক গোচৰ ৰুজু কৰা হৈছিল । এই গোচৰৰ চূড়ান্ত শুনানি প্ৰদান কৰে চুৰাটৰ আদালতে । ইফালে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ কংগ্ৰেছ দলে দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে (Congress protest against Rahul disqualification)। অসমতো কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ অসম প্ৰদেশ কংগ্ৰেছে শনিবাৰে অসমৰ বিভিন্ন ঠাইৰ লগতে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতো তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে ।

লগতে পঢ়ক :Rahul Gandhi Modi Surname Row : ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰোধিতা, ৰাজ্যজুৰি কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

Last Updated : Mar 25, 2023, 3:57 PM IST

ABOUT THE AUTHOR

...view details