গুৱাহাটী, ৯ ছেপ্টেম্বৰ : অসমৰ সংস্কৃতি বিহুক বিশ্ববাসীৰ মাজত উপস্থাপন কৰাৰ সময়তে পুনৰ বিতৰ্ক সৃষ্টি হৈছে ৷ কিয়নো G২০ সন্মিলনত বিকৃত ৰূপ প্ৰদৰ্শন কৰা হ’ল বিহুক ৷ কিন্তু বিভিন্ন বিষয়ত সততে সক্ৰিয় হৈ থকা তথা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত অনুষ্ঠিত হৈ থকা G২০ সন্মিলনত বিহুক বিকৃত ৰূপ প্ৰদৰ্শন কৰাক লৈ মৌনতা অৱলম্বন কৰিছে । তাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টোলৈ সংবাদ মাধ্যমত হুলস্থূল নকৰাৰ বাবে আহ্বান জনাইছে ।
উল্লেখ্য যে, G২০ সন্মিলনৰ বাবে শুক্ৰবাৰে দিল্লীত উপস্থিত হয় ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনক ৷ নতুন দিল্লীৰ বিমান বন্দৰত বিহু নৃত্যৰে আদৰণি জনোৱা হৈছিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীক ৷ কিন্তু বিহু নৃত্য প্ৰদৰ্শৰ নামত অসমীয়াৰ বিহুক চৰম বিকৃত ৰূপত প্ৰদৰ্শন কৰাহে দেখিবলৈ পোৱা গ’ল । নতুন দিল্লীৰ বিমান বন্দৰত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ সম্মুখত বিকৃত ৰূপত বিহু নৃত্য প্ৰদৰ্শন কৰাক কেন্দ্ৰ কৰি সৰ্বত্ৰে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ।
মনকৰিবলগীয়া যে, বিভিন্ন বিষয়ত সততে সোচ্চাৰ হৈ থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শুক্ৰবাৰে সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ পিচত সাংবাদিকে এই বিষয়ত সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থকা দেখা যায় । তেওঁ কয়, ‘‘কাইলৈ G২০ ৰ সন্মিলন আছে । আজি এই বিষয়ত মন্তব্য দিয়া উচিত নহয় । কিবা ভাল কৰিছে, বেয়া কৰিছে সেয়া G২০ সন্মিলনৰ পিচত বিকৃত বিহু নৃত্যক লৈ আলোচনা হ'ব’’ ।
তেওঁ লগতে কয়, ‘‘মই মিডিয়াকো আহ্বান কৰিম যাতে এই দুদিন এই বিষয়টো এৰি চলাৰ বাবে । কাৰণ G২০ সন্মিলনত দেশ-বিদেশৰ মানুহ আহিছে । এই দুটা দিন আমাৰ বাবে গৌৰৱৰ দিন’’ । এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পৰ্শকাতৰ আৰু অসমীয়াৰ আৱেগৰ লগত জড়িত বিষয়টোৰ সন্দৰ্ভত কোনো মত নিদিয়াকৈ আঁতৰি থাকে ।