গুৱাহাটী, ২৬ আগষ্ট : অসমত চৰকাৰী খণ্ডৰ বহু শিক্ষানুষ্ঠান বন্ধ কৰিব বিচৰা চৰকাৰী সিদ্ধান্তক কেন্দ্ৰ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মাজত চলি আছে টুইটাৰ যুদ্ধ (CMs Twitter War) । এই টুইট যুদ্ধৰ মাজতে শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (Assam CM reaction regarding Delhi cm twitter) ।
তেওঁ কয় যে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে টুইট কৰিব নালাগে ৷ তেওঁ দিল্লীলৈ গৈয়ে থাকে । দিল্লীৰ মহল্লা ক্লিনিকবোৰ চাবলৈ একো নাই ৷ লগতে তেওঁ উল্লেখ কৰে যে দিল্লীত স্কুল হৈছে ১,২০০ আৰু অসমত হৈছে ৬০-৭০ হাজাৰ । দিল্লী নামতেহে এখন ৰাজ্য ৷ আচলতে এইখন এখন পৌৰ সভা । গতিকে পৌৰ সভাৰ ৰাজনীতিৰ লগত এখন ৰাজ্যৰ ৰাজনীতি নিমিলে ।