গুৱাহাটী, ২২ ফেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীত সোমবাৰে নিশা এজন ব্যৱসায়ীকগুলীয়াই হত্যা কৰা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(Assam CM reaction regarding guwahati firing incident)ই । মঙলবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ক্ৰাইম কৰা জনক ধৰিব পৰিলে মানুহে নিজকে সুৰক্ষিত অনুভৱ কৰে । গুৱাহাটীত বিগত ৯ মাহত যিমানকেইটা ক্ৰাইম হৈছে গোটেই কেইটা ধৰা হৈছে আৰু এইটোও ধৰা হ'ব ।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, আইনে যেতিয়া অপৰাধীক ধৰিব আৰু ইয়াত ক্ৰাইম কৰিলে সাৰি যাব নোৱাৰে, তেতিয়া বেয়া কাম কৰা মানুহবোৰ নোহোৱা হৈ যায় । বিগত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা এই বৰ্ষৰ জানুৱাৰী মাহলৈ অসমত ৩০ শতাংশ ক্ৰাইম কমিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে । তেওঁ কয় যে, এটা সময়ত অসমত ক্ৰাইম নোহোৱা হৈ যাব ।
ইয়াৰ বাবে এবছৰ-দুবছৰ সময় লাগিব ।