গুৱাহাটী, ১১ ডিচেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । সাক্ষাৎ কালত প্ৰধানমন্ত্ৰী মোদীক অসম ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায় মুখ্যমন্ত্ৰী শৰ্মাই । নিজৰ X হেণ্ডেলত এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ লগত এখন বৈঠকতো মিলিত হয় । বৈঠকখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ বিষয়ে আলোচনা কৰাৰ লগতে আৰু 2024 চনত অসম ব্যৱসায়িক সন্মিলন আয়োজনৰ ক্ষেত্ৰত নিৰ্দেশনা বিচাৰে মুখ্যমন্ত্ৰীয়ে । ড৹ শৰ্মাই X ৰ জৰিয়তে সদৰী কৰা মতে দুয়োগৰাকীৰ মত বিনিময়ৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই প্ৰধানমন্ত্ৰী মোদীৰ নিৰন্তৰ নিৰ্দেশনা আৰু নেতৃত্বৰ বাবে অসমৰ অপৰিসীম কৃতজ্ঞতা প্ৰকাশ কৰে ।
তেওঁ প্ৰধানমন্ত্ৰীক ৰাজ্যখনত চলি থকা জনসাধাৰণমুখী কাৰ্যসূচীসমূহৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে । প্ৰধানমন্ত্ৰী মোদীক জনোৱা আমন্ত্ৰণৰ মূল বিষয়ৰ ভিতৰত কামাখ্যা ক’ৰিডৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন, যোৰহাটত বীৰ লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় উদ্বোধন আৰু শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ প্ৰস্তাৱ অন্যতম ।