গুৱাহাটী, ৯ আগষ্ট : বিগত দুদিন ধৰি দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)ই সোমবাৰে পুৱাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Union home minister Amit Shah)ৰ সৈতে এক বৈঠকত মিলিত হয় । গৃহমন্ত্ৰী গৰাকীৰ বাসগৃহত অনুষ্ঠিত হয় এই বৈঠক । মূলতঃ অসমৰ চাৰিসীমাত চুবুৰীয়া ৰাজ্যসমূহে ধাৰাবাহিকভাৱে চলাই অহা বেদখল আৰু আন্তঃৰাজ্যিক সীমা সমস্যাৰ বিষয়টো কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ সৈতে আলোচনা কৰে মুখ্যমন্ত্ৰীয়ে ।
ইয়াৰ পিছতেই, সোমবাৰে দুপৰীয়া সংসদ ভৱন(Sansad Bhavan)ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(PM Narendra Modi)ৰ সৈতে আন এখন বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী । এই বৈঠকত প্ৰধানমন্ত্ৰীৰ উপৰিও আন দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং(uninon minister Rajnath Singh) আৰু দি কিষাণ ৰেড্ডীও উপস্থিত থাকে । মূলতঃ সীমা সমস্যাৰ বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰা হয় এই বৈঠকত ।