অসম

assam

By

Published : Apr 19, 2021, 9:14 PM IST

ETV Bharat / state

আকৌ লক ডাউন ! কাইলৈ সিদ্ধান্ত ঘোষণা কৰিব ৰাজ্যৰ মুখ্য সচিবে

কৰ'ণা মহামাৰীৰ দ্বিতীয় ঢৌত অসমতো এতিয়া দৈনিক বহু লোকৰ শৰীৰত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি ৷ ক’ভিড পৰিস্থিতি সন্দৰ্ভত সোমবাৰে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

Assam CM meeting with health minister and health dept. officials
আকৌ লকডাউন ? হিমন্তৰে মুখ্যমন্ত্ৰীৰ বৈঠক; কাইলৈ সিদ্ধান্ত ঘোষণা কৰিব মুখ্য সচিবে

গুৱাহাটী,১৯ এপ্ৰিল: কৰ'ণা মহামাৰীৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশৰ লগতে অসমতো ত্ৰাসৰ সৃষ্টি কৰিছে ৷ অসমতো এতিয়া দৈনিক বহু লোকৰ শৰীৰত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি ৷

সোমবাৰে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক’ভিডৰ পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে । আলোচনাকালত উপস্থিত থাকে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাকে আদি কৰি স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল ।

ৰাজ্যত পুনৰ লক ডাউনৰ সম্ভাৱনা

বৈঠকত অসমলৈ অহা প্ৰতিগৰাকী ৰে’ল যাত্ৰী, বিমান যাত্ৰী, ট্ৰাক চালক আদিৰ ক'ভিড 19 ৰ পৰীক্ষা বাধ্যতামূলক কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে । একে সময়তে তেওঁ স্বাস্থ্য বিভাগক ক'ভিড ৰোগীৰ বাবে বিচনা, ৰেমডেচিভিৰ বেজী, অক্সিজেন আদি পৰ্যাপ্ত পৰিমাণে মজুত ৰাখিবলৈও নিৰ্দেশ জাৰি কৰে ।

মন কৰিবলগীয়া যে, মঙলবাৰে অৰ্থাৎ কাইলৈ বিয়লি ৩ বজাত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই এখন জৰুৰী সংবাদমেল সম্বোধন কৰিব । যিহেতু ক'ভিড পৰিস্থিতি দিনক দিনে অধিক বেয়ালৈ গতি কৰিছে, গতিকে চৰকাৰে পুনৰ লক ডাউনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিব নেকি সেয়াও স্পষ্ট হ’ব কাইলৈৰ মুখ্য সচিবৰ ঘোষণাত ।

লগতে পঢ়ক: মহানগৰীত মাস্ক নিপিন্ধা লোকক ১০০০ টকা পৰ্যন্ত জৰিমনা

ABOUT THE AUTHOR

...view details