নিউজ ডেস্ক,৯জুলাই: অসমৰ মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে সন্ধিয়া দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি ৰাজ্য়খনৰ শেহতীয়া বান পৰিস্থিতি সম্পৰ্কে অৱগত কৰে (CM Dr Himanta Biswa Sarma Meet home minister Amit Shah at Delhi)। মুখ্য়মন্ত্ৰী ড৹ শৰ্মাই বানত হোৱা ক্ষয়-ক্ষতি সম্পৰ্কে মৌখিকভাবে অৱগত কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক । ইয়াৰ পাছতে মুখ্য়মন্ত্ৰীগৰাকীয়ে দিল্লীত সাংবাদিকৰ আগত কয় যে অসমৰ বানত হোৱা ক্ষয়-ক্ষতি সম্পৰ্কে শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰক সকলো তথ্য় জমা দিয়া হ'ব ।
মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয় যে এছ ডি আৰ এফৰ পুঁজি ইতিমধ্য়ে ব্য়য় কৰি থকা হৈছে । এই ধনখিনি ব্য়য় কৰাৰ পাছতেই কেন্দ্ৰই অসমৰ বাবে এন ডি আৰ এফৰ ধন মোকোলাই দিব (NDRF fund will release soon)। কেন্দ্ৰই ইতিমধ্য়ে এছ ডি আৰ এফৰ ৯০১ কোটি টকা মোকোলাই দিছে (SDRF fund already released)। কেন্দ্ৰই বান সাহায্য়ৰ বাবে আৰু ৩২৪ কোটি টকা মোকোলাই দিব বুলিও মুখ্য়মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।