গুৱাহাটী, ১ জানুৱাৰী : গুৱাহাটীৰ দীঘলীপুখুৰীৰ পৰা নুনমাটি এফ চি আইলৈ নিৰ্মাণ কৰিবলগীয়া উৰণ সেতুখনৰ নিৰ্মাণৰ আধাৰশিলা সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰে । লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰিবলগীয়া এই উৰণ সেতুখনৰ দৈঘ্য ৫০৫৩.২০ মিটাৰ নিৰ্দ্ধাৰণ কৰা হৈছে । সেতুখনৰ বাজেট ৮৫২.৬২ কোটি টকা নিৰ্দ্ধাৰণ কৰা হৈছে ।
গুৱাহাটীৰ ৰিজাৰ্ভ বেংকৰ ওচৰত অনুষ্ঠিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই সেতুখন দুই বছৰ আঠ মাহৰ ভিতৰত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে । এই সময়ছোৱাত ৰাইজৰ কিছু কষ্ট হ'ব । কিন্তু ভৱিষ্যতে গুৱাহাটী সুচল যাতায়তৰ বাবে ৰাইজে এইখিনি কষ্ট সহিব লাগিব ।
তেওঁ কয় যে এই সেতুখনৰ বাবে চানমাৰিত এটা ৰটাৰী নিৰ্মাণ কৰা হ'ব । আকৌ গুৱাহাটী ক্লাৱত আন এটা ৰটাৰী নিৰ্মাণ কৰা হ'ব । চানমাৰি আৰু বি বৰুৱা উৰণ সেতুখন কিছু অংশ পুনৰ্নিমাণ কৰা হ'ব । তেওঁ আৰু কয় যে এই উৰণ সেতুখন নিৰ্মাণ সম্পূৰ্ণ হ'লে অহা ২৫ বছৰলৈ এই সমগ্ৰ পথছোৱাত যানজট নহ'ব ।