অসম

assam

ETV Bharat / state

Assam CM Launches Orunodoi 2: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে অৰুণোদয় ২.০ আঁচনি - ssam CM Sarma launches Orunodoi 2

দিল্লীৰ পৰা ভাৰ্ছুৱেলী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰা অৰুণোদয় ২.০ আঁচনিখনত নতুনকৈ সামৰি লোৱা হৈছে ১০.৫৪ লাখ হিতাধিকাৰীক। অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত দিব্যাংগসকলৰ লগতে তৃতীয় লিংগৰ লোক। আঁচনিখনৰ বাবে প্ৰতিমাহে ৰাজ্য চৰকাৰে ব্যয় কৰিব ৩৪৫ কোটি টকা ।

Assam CM Launches Orunodoi 2.0 Virtually from New Delhi
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে অৰুণোদয় ২.০ আঁচনি

By

Published : Dec 14, 2022, 2:17 PM IST

গুৱাহাটী, ১৪ ডিচেম্বৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি শুভাৰম্ভ কৰিলে অৰুণোদয় ২.০ আঁচনি (Assam CM Sarma launches Orunodoi 2.0)। দিল্লীৰ পৰা ভাৰ্ছুৱেলী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় ২.০ আঁচনিখন মুকলি কৰে (Orunodoi 2.0 Scheme)। এই আঁচনিত নতুনকৈ সামৰি লোৱা হৈছে ১০.৫৪ লাখ হিতাধিকাৰীক । সেই হিচাপত আঁচনিখনত হিতাধিকাৰীৰ সংখ্যা ৩৫ লাখলৈ বৃদ্ধি পালে ।

অৰুণোদয় ২.০ মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰৰ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ’ব দিব্যাংগসকল । অৰুণোদয় আঁচনিত সামৰি লোৱা হ’ব তৃতীয় লিংগকো । বিধৱা পেঞ্চন পোৱাসকলেও পাব অৰুণোদয়ৰ ধন । উল্লেখ যে অৰুণোদয়ৰ পৰা ২,৭৫,৩০০ হিতাধিকাৰীৰ নাম বাদ পৰিছে । ১০ এপ্ৰিলৰ ভিতৰত দিয়া হ’ব অৰুণোদয় আঁচনিৰ প্ৰথমটো কিস্তি । বৃদ্ধাশ্ৰমত থকা বৃদ্ধ ব্যক্তিয়েও লাভ কৰিব অৰুণোদয়ৰ সুবিধা ।

এই আঁচনিখনৰ বাবে প্ৰতিমাহে ৰাজ্য চৰকাৰে ৩৪৫ কোটি টকা ব্যয় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে । আনহাতে বাৰ্ষিক ২ লাখতকৈ কম আয়ৰ লোকে পাব অৰুণোদয়ৰ সুবিধা । গাঁৱত ১৫ কঠা মাটি থাকিলে পাব অৰুণোদয়ৰ ধন । মহানগৰীত ডেৰ কঠা মাটি থাকিলে পাব আঁচনিৰ সুবিধা । বিবাহ বিচ্ছেদ হোৱা লোকেও লাভ কৰিব অৰুণোদয়ৰ ধন । ৰাজ্যৰ মহিলাসকলক অৰ্থনৈতিক আৰু পুষ্টিজনিত সুৰক্ষা প্ৰদানৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে প্ৰত্যক্ষ লাভালাভ হস্তান্তৰৰ এই বৃহৎ আঁচনি আৰম্ভ কৰিছে ।

মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয়ে ৰাজ্যৰ মহিলাসকলক দিয়া অপৰিসীম সকাহৰ কথা বিবেচনা কৰি অসম চৰকাৰে অৰুণোদয় ২.০ মুকলি কৰিছে । এই আঁচনিখন ২০২০-২১ বৰ্ষৰ ৰাজ্যিক বাজেটত ঘোষণা কৰা অষ্টাদশ মুকুতাৰ উন্নয়নী মালাৰ ভিতৰত অন্যতম অগ্ৰণী উদ্যম হিচাপে পৰিগণিত হৈছে । অৰুণোদয়ে আক্ষৰিক অৰ্থত লক্ষাধিক পৰিয়ালৰ বাবে স্বাৱলম্বিতাৰ দিশত আশাৰ ৰেঙনি দেখাইছে । এই উদ্যমে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহৰ দৰিদ্ৰতা নিৰ্মূলকৰণ আৰু আৰ্থ-সামাজিক অন্তৰ্ভুক্তিত আৰু অধিক সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে ।

অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লেকাৰ, প্ৰধান আৱাসী আয়ুক্ত ৰাজীৱ যোশী উপস্থিত আছিল । উল্লেখ যে ২০২০ চনত এই আঁচনিখনৰ যোগেদি হিতাধিকাৰীয়ে মাহে লাভ কৰিছিল ৮৩০ টকাকৈ । আনহাতে ২০২১ চনত লাভ কৰিছিল ১০০০ টকা । ২০২২ চনত ইয়াৰ পৰিমান ১২৫০ টকালৈ বৃদ্ধি কৰা হয় । প্ৰতি মাহৰ ১০ তাৰিখে হিতাধিকাৰীৰ বেংক একাউণ্টত এই ধন জমা হয় ।

লগতে পঢ়ক :CM review meeting: দিছপুৰত মন্ত্ৰীবৰ্গৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

ABOUT THE AUTHOR

...view details