গুৱাহাটী, 26 চেপ্তেম্বৰ: ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ক’ভিড-19 ত আক্ৰান্ত হৈ সুস্থ হোৱাৰ পাছত পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাতআই চি ইউত ভৰ্তি বৰ্ষীয়ান কংগ্ৰেছী নেতা গৰাকীক ৷
স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে বৃহস্পতি বাৰৰ পৰা তেখেতৰ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ হৈছে ৷ তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা বৰ্ষীয়ান নেতাগৰাকী 25 আগষ্ট তাৰিখে ক’ভিড-19 ত আক্ৰান্ত হৈছিল ৷ ইয়াৰ পাছতে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ চিকিৎসাৰ পাছত তেওঁৰ ফলাফল নিগেটিভ আহিছিল যদিও তেওঁ চিকিৎসালয়তে আছিল ৷
বৃহস্পতিবাৰে তেওঁৰ অক্সিজেনৰ মাত্ৰা কমি যোৱাত পুনৰ আই চি ইউত ভৰ্তি কৰোৱা হয় ৷ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ মুখপাত্ৰ গৰাকীয়ে জনোৱা মতে গগৈৰ স্বাস্থ্য সম্পৰ্কত সোণোৱালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অচ্যুত বৈশ্যৰ সৈতে আলোচনা কৰিছে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক সুচিকিৎসা প্ৰদান কৰিবৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহনৰ নিৰ্দেশ দিছে ৷