অসম

assam

ETV Bharat / state

New CM office: বাস্তু শাস্ত্ৰ অনুসৰি মুখ্যমন্ত্ৰীৰ নতুন কাৰ্যালয় মুকলি; নাম দিলে লোকসেৱা ভৱন - new Chief Minister Office

এতিয়াৰে পৰা সলনি হ’ল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ঠিকনা ৷ জনতা ভৱনৰ সমীপত নতুনকৈ নিৰ্মাণ কৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়টো আজি মুকলি কৰা হয় ৷ এই কাৰ্যালয়ক নাম দিয়া হৈছে লোকসেৱা ভৱন বা ‘I’ ব্লক ৷

new CM block at Janata Bhawan
Janata Bhawan in Guwahati

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 5:08 PM IST

ঠিকনা সলনি হ’ল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ

গুৱাহাটী, ২৭ অক্টোবৰ: বাস্তু শাস্ত্ৰ বিধি মতে জনতা ভৱনৰ C ব্লকৰ সমীপত নিৰ্মাণ কৰা হ’ল মুখ্যমন্ত্ৰীৰ নতুন কাৰ্যালয় ৷ শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে এই নৱনিৰ্মিত ভৱনটো ৷ পাঁচ মহলীয়া এই অত্যাধুনিক ভৱনটোৰ নাম দিয়া হৈছে ‘লোকসেৱা ভৱন’ আৰু ইয়াৰ ক্ৰমিক সংখ্যা হ’ব ‘I’ ৷

শুকুৰবাৰে সম্পূৰ্ণ বৈদিক প্ৰথাৰে হোম-যজ্ঞ, পূজা-অৰ্চনাৰে মুখ্যমন্ত্ৰীয়ে ফিটা কাটি ভৱনটো মুকলি কৰে ৷ এই ভৱনত সংলগ্ন হৈ থাকিব ৰাজ্যৰ মুখ্য সচিবৰ কাৰ্যালয় ৷ লগতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ লগত সম্পৰ্কিত বিভাগৰ কাম-কাজো ইয়াৰ পৰাই পৰিচালিত হ’ব ৷

প্ৰায় 150 কোটি টকা খৰচ কৰি এই নতুন কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে ৷ অহা ছমাহৰ ভিতৰত আৰু এটা ভৱন এই ভৱনৰ কাষতে নিৰ্মাণ কৰা হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ তেওঁ লগতে কয় যে অহা 5-10 বছৰৰ ভিতৰত নতুন ৰূপ পাব জনতা ভৱনে ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বলৈকে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় বুলি বেলেগ কোনো কাৰ্যালয় নাছিল দিছপুৰত ৷ গৃহ বিভাগৰ কাৰ্যালয়ৰ পৰাই পৰিচালিত হৈছিল মুখ্যমন্ত্ৰীৰ কাম-কাজসমূহ ৷ কিন্তু এতিয়া জনতা ভৱনৰ চৌহদত মুখ্যমন্ত্ৰীৰ বাবে এটা সুকীয়া কাৰ্যালয় নিৰ্মাণ হ’ল ৷ এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ কাম-কাজসমূহ ইয়াৰ পৰাই পৰিচালিত হ’ব ৷

মুখ্যমন্ত্ৰীৰ সৈতে এই নৱ নিৰ্মিত ভৱন উদ্বোধনৰ সময়ত উপস্থিত আছিল অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, ইউ পি পি এলৰ নেতা তথা মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ লগতে মন্ত্ৰীসভাৰ আন মন্ত্ৰী সকল আৰু ৰাজ্যৰ মুখ্য সচিব প্ৰবণ কুমাৰ বৰঠাকুৰ ৷

লগতে পঢ়ক:Assam Second Marriage: চৰকাৰক সুধিহে চৰকাৰৰ কৰ্মচাৰীয়ে কৰিব পাৰিব দ্বিতীয় বিবাহ

ABOUT THE AUTHOR

...view details