গুৱাহাটী, ৩০ ছেপ্টেম্বৰ :ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ (পথ) বিভাগে নিৰ্মাণ কৰা মহানগৰীৰ গড়ভঙা পথৰ আৰ্য নগৰ চাৰিআলিৰ ওপৰত নিৰ্মাণ কৰা উৰণীয়া সেতুখন শুক্ৰবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় (Assam CM inaugurates Arya Nagar Flyover) ৷ এই উৰণীয়া সেতুখন শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখ্য যে, শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকমুহূৰ্তত উদ্বোধন কৰা এই উৰণীয়া সেতুখনৰ দৈৰ্ঘ্য ৭৯০ মিটাৰ (New Flyover in Guwahati) ৷ এই সেতুখন নিৰ্মাণ কৰাৰ বাবে ব্যয় হৈছে ১৪৯.০৭ কোটি টকা ৷ এই উৰণীয়া সেতুখন উদ্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘দীৰ্ঘদিন ধৰি গুৱাহাটীবাসীৰ বাবে এই স্থানত এখন উৰণ সেতুৰ প্ৰয়োজনীয়তা আছিল । ২০২১ চনৰ ফেব্ৰুৱাৰীত এই সেতুখনৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল ৷ ২০২৩ চনৰ আগষ্টত অৰ্থাৎ ৩০ মাহৰ ভিতৰত এই সেতুখন সম্পূৰ্ণ কৰাৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছিল ৷ কিন্তু ১৯ মাহৰ ভিতৰত অৰ্থাৎ এই বৰ্ষৰ ছেপ্টেম্বৰতে এই কাম সম্পূৰ্ণ হৈ উঠিল’’ ৷
এই উৰণ সেতুখনে যান-জঁট হ্ৰাস কৰাৰ লগতে মহানগৰবাসীৰ বাবে যাতায়াত ব্যৱস্থা অধিক সুচল কৰি তুলিব । সেতুখন নিৰ্মাণৰ সৈতে জড়িত লোকনিৰ্মাণ (পথ) বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু প্ৰতিষ্ঠান মেছাৰ্ছ হাই-টেক কনষ্ট্ৰাকচনৰ বিষয়ববীয়াসকলৰ কামৰ শলাগ লৈ সকলোকে ধন্যবাদ জনাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।
তেওঁ লগতে কয়, ‘‘গুৱাহাটীক বিকাশৰ নতুন দিগন্তলৈ নিয়াৰ বাবে আমি প্ৰচেষ্টা লৈছো ৷ মহানগৰবাসীৰ সুচল যাতায়াতৰ সুবিধাৰ্থে দীঘলীপুখুৰী পাৰৰ সন্দিকৈ কলেজৰ সমীপৰ পৰা বামুণীমৈদামলৈকে ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতু এখন নিৰ্মাণৰ হেতু প্ৰাককলন সাজু হৈছে ৷ আৰ্য কলেজৰ পৰা লখৰালৈ যাতায়াতৰ সুবিধাৰ্থে চাইকেল ফেক্টৰীৰ পৰা নতুন উৰণ সেতু এখন নিৰ্মাণৰ পৰিকল্পনা লোৱা হৈছে’’ ৷
লগতে পঢ়ক :বাতিল হ’ল অমিত শ্বাহৰ উপস্থিতিত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া যোগদান কাৰ্যসূচী