অসম

assam

ETV Bharat / state

Assam health sector: স্বাস্থ্য বিভাগৰ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক - Assam health sector

শুকুৰবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ বিভাগীয় বিভিন্ন বিষয়ক লৈ এই বৈঠকৰ আয়োজন ৷

Assam health sector
Assam Health Ministry

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 6:24 AM IST

Updated : Oct 7, 2023, 7:51 AM IST

গুৱাহাটী, ৬ অক্টোবৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত শুকুৰবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগত এক বৈঠকত মিলিত হয় । বৈঠকত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাম-কাজসমূহৰ বুজ লয় ।‌

বৈঠকত নিয়মিত টীকাকৰণ, মিছন ইন্দ্ৰধনুষ, ক'ভিড ভেকচিন, টি ডি ১৬ ভেকচিনৰ বাবে বিশেষ অভিযান, জাপানীজ এনকেফেলাইটিছ আদিৰ বাবে বিভাগৰ ফালৰ পৰা লোৱা ব্যৱস্থা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বুজ লয় ।

অসমত প্ৰসূতি মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ বিভাগে লোৱা ব্যৱস্থা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগত গুৰুত্বপূৰ্ণ আলোচনা কৰে । তেওঁ লগতে উপ জিলাসমূহৰ বাবে প্ৰয়োজনীয় স্বাস্থ্য বিষয়াৰ পদ সৃষ্টি কৰিবলৈ বিভাগক নিৰ্দেশনা প্ৰদান কৰে ।

মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পদসমূহ পূৰণৰ বাবে ইতিমধ্যে বিভাগত অতিৰিক্তভাৱে থকা পদৰ দ্বাৰা পূৰণ কৰাৰ বাবে ব্যৱস্থা কৰিবলৈ বিভাগক নিৰ্দেশনা প্ৰদান কৰে । বৈঠকত নতুনকৈ নিৰ্মাণ কৰা চিকিৎসা মহাবিদ্যালয় তথা অন্যান্য চিকিৎসালয় বাবে প্ৰয়োজনীয় আহিলা-পাতি, চিকিৎসা যন্ত্ৰপাতি ক্ৰয় সন্দৰ্ভত বিতংভাৱে মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগত আলোচনা কৰে ৷

চিকিৎসক আৰু স্বাস্থ্যকৰ্মী সকলক ঘৰে ঘৰে জৰীপ কৰি শিশুসকলৰ টীকাকৰণ নিশ্চিত কৰিবলৈ এই বৈঠকতে নিৰ্দেশনা দিয়া হয় ৷ বিশেষকৈ চৰ আৰু চাহ বাগান অঞ্চলত এই ক্ষেত্ৰত বিশেষ মনোযোগ দিয়াৰ বাবে নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷ ইয়াৰ লগতে স্বাস্থ্য বিভাগৰ সুবিধাসমূহ জনসাধাৰণৰ বাবে অধিক সুবিধাজনক আৰু সহজলভ্য কৰাৰ বাবেও চিন্তা-চৰ্চা কৰা হয় ৷ দেশৰ ভিতৰতে অসমৰ স্বাস্থ্য খণ্ডক শ্ৰেষ্ঠ কৰি তুলিব বিচাৰে বুলি মুখ্যমন্ত্ৰীয়ে নিজৰ 'X' একাউন্টত মন্তব্য কৰিছে ৷

লগতে পঢ়ক:Khel Maharan In Assam: ১ নৱেম্বৰ পৰা ১০ জানুৱাৰীলৈ ৰাজ্যত অনুষ্ঠিত হ'ব খেল মহাৰণ

Last Updated : Oct 7, 2023, 7:51 AM IST

ABOUT THE AUTHOR

...view details