অসম

assam

ETV Bharat / state

INDIA Vs NDA: টুইটাৰ-ফেচবুকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই INDIAৰ ঠাইত লিখিলে BHARAT - United Progressive Alliance

ৰাষ্ট্ৰীয় বিৰোধী একত্ৰিত হৈ গঠন কৰা INDIAক লৈ এতিয়া চলিছে ব্যাপক চৰ্চা ৷ তাৰেই তাৎক্ষণিক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গ’ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘চছিয়েল মিডিয়া হেণ্ডেল’ত ৷ সৱিশেষ এই প্ৰতিবেদনত ৷

INDIA Vs NDA
INDIA Vs NDA

By

Published : Jul 19, 2023, 4:04 PM IST

গুৱাহাটী, ১৯ জুলাই:দেশৰ ২৬ টা বিৰোধী দল একত্ৰিত হৈ গঠন কৰা INDIAক লৈ তাৎক্ষণিক প্ৰতিক্ৰিয়া অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ মুখ্যমন্ত্ৰীৰ টুইটাৰ-ফেচবুকত INDIAৰ ঠাই ল’লে BHARATয়ে ৷ দেশৰ একত্ৰিত বিৰোধীৰ ২০২৪ ৰ ৰণকৌশলে বাৰুকৈয়ে জোকাৰিছে শাসকীয় বিজেপিক ৷ এই ঢৌৱে স্পৰ্শ কৰি গৈছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰ-ফেচবুকত আত্মপৰিচয়ৰ লগত দেশৰ নাম INDIA সলাই লিখিছে 'BHARAT’ বুলি ৷ দেশৰ ২৬ টা বিৰোধী দলে বেংগালুৰুত একত্ৰিত হৈ মঙলবাৰে দেশৰ ৰাজনীতিত একপ্ৰকাৰ জোকাৰণি তুলিছে ৷ আগৰ UPA ৰ নাম সলাই একত্ৰিত বিৰোধীয়ে গঠন কৰিলে I.N.D.I.A. কৰিলে ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বৰ টুইটাৰ BIO

বিজেপিয়ে বিৰোধী মহাসন্মিলনক এই নতুন নাম দিয়া প্ৰসংগত অসন্তুষ্টি প্ৰকাশ কৰিছে যে দেশৰ নাম ব্যৱহাৰ কৰি বিৰোধীয়ে ৰাজনীতি কৰিছে ৷ ৰৈ নাথাকিল বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰমুখ্যমন্ত্ৰীগৰাকী ৷ ৰাতিটোৰ ভিতৰতে সলনি হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ, ফেচবুকৰ পৰিচয়ৰ লগত থকা দেশৰ নাম INDIA ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক BIO

তাৰ ঠাইত ফেচবুক-টুইটাৰ দুয়োটাতে তেঁও লিখিলে ‘BHARAT’ ৷ মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যম টুইটাৰ আৰু ফেচবুকত INDIAৰ ঠাইত BHARAT লিখা কাৰ্য স্বাভাৱিকতে সামাজিক মাধ্যমৰ লগতে ৰাজনৈতিক মহলত দিনটোৰ চৰ্চিত বিষয় হৈ পৰিছে ৷

উল্লেখ্য যে ২০২৪ চনৰ নিৰ্বাচনত বিজেপিৰ প্ৰতিহত কৰাৰ উদ্দেশ্যৰে দেশৰ 26 টা বিৰোধী দল একত্ৰিত হৈছে ৷ বিৰোধী দলসমূহে বিহাৰত প্ৰথমখন বৈঠকত একত্ৰিত হোৱাৰ পাচত বেংগালুৰুত অনুষ্ঠিত কৰা দ্বিতীয়খন বৈঠকত একত্ৰিত শক্তিৰ নাম পূৰ্বৰ United Progressive Alliance ৰ সলনি INDIA অৰ্থাৎ Indian National Developmental Inclusive Alliance কৰা হৈছে ৷ ৰাষ্ট্ৰীয় বিৰোধীৰ এই ঐক্যক লৈ এতিয়া দেশজুৰি চলিছে ব্যাপক চৰ্চা ৷

লগতে পঢ়ক: Loksabha 2024 : মোদীৰ নেতৃত্বতে আগন্তক লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব NDA
লগতে পঢ়ক: Parliament Monsoon Session: সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠক আহ্বান চৰকাৰৰ

ABOUT THE AUTHOR

...view details