অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নামত দুষ্টচক্ৰৰ অপপ্ৰচাৰ - Dr Himanta Biswa Sarma

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নামত সামাজিক মাধ্যমত অপপ্ৰচাৰ দুষ্টচক্ৰৰ ৷ ঘটনা সন্দৰ্ভত অসম আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

By

Published : Nov 3, 2021, 1:56 PM IST

গুৱাহাটী, 3 নৱেম্বৰ : সামাজিক মাধ্যমৰ অপব্যৱহাৰৰ কথা সময়ে সময়ে সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে ৷ এইবাৰ কোনো সাধাৰণ লোক নহয়, স্বয়ং মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নামত সামাজিক মাধ্যমত অপপ্ৰচাৰ চলাইছে দুষ্টচক্ৰই ৷

তথ্য অনুসৰি, টুইটাৰত কোনো অচিনাক্ত ব্যক্তি অথবা দুষ্টচক্ৰই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ নামত চলাইছে অপপ্ৰচাৰ ৷ সেই অনুসৰি, ৰাজ্যত কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ হেতুকে 20 নৱেম্বৰৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব বুলি টুইটাৰত প্ৰকাশ কৰে চক্ৰটোৱে ৷

এই কথা জানিব পাৰি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টীকৰণ হিচাপে এয়া ভুৱা খবৰ বুলি ছ’চিয়েল মিডিয়াত আপডেট দিয়ে ৷ তদুপৰি ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে অসম আৰক্ষীক ৷ আৰক্ষীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশ লাভ কৰা মাত্ৰকে আৰম্ভ কৰিছে অভিযান ৷

লগতে চাওক:প্ৰবীণ ৰাজনীতিক আব্দুল মুহিব মজুমদাৰৰ শেষ নিশ্বাস ত্যাগ

ABOUT THE AUTHOR

...view details