অসম

assam

By

Published : Jun 27, 2023, 8:08 PM IST

ETV Bharat / state

Road Accident in Assam:অসমত ক্ৰমাৎ বৃদ্ধি পোৱা পথ দুৰ্ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী

ক্ৰমাৎ বৃদ্ধি পোৱা পথ দুৰ্ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । পথ দুৰ্ঘটনাৰ প্ৰসংগত মুখ্যমন্ত্ৰী-জিলা আয়ুক্ত সকলৰ সৈতে বৈঠক ৷ পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ ক্ষেত্ৰত জিলা আয়ুক্তসকলক কঠোৰ হোৱাৰ নিৰ্দেশ ৷ সুৰাসক্ত অৱস্থাত গাড়ী চলালে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷

Road Accident in Assam
অসমত বৃদ্ধি পোৱা পথ দুৰ্ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী

গুৱাহাটী,27 জুনঃ ৰাজ্যখনত ক্ৰমাৎ বৃদ্ধি পোৱা পথ দুৰ্ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মঙলবাৰে ৰাজ্যৰ বৰ্ধিত পথ দুৰ্ঘটনাৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্ত সকলৰ লগতে আন বিভাগীয় বিষয়াসকলৰে ভিডিঅ' কনফাৰেঞ্চৰ যোগেদি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

জনতা ভৱনৰ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ ক্ষেত্ৰত জিলা আয়ুক্ত সকলৰ লগতে আন চৰকাৰী বিষয়া সকলক কেতবোৰ কঠোৰ নিৰ্দেশনা প্ৰদান কৰে । যান-বাহন আইনক লৈ কঠোৰ হোৱাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ।

সুৰাসক্ত অৱস্থাত গাড়ী চলালে গ্ৰেপ্তাৰ কৰাৰ লগতে ছমাহৰ বাবে ড্ৰাইভিং লাইচেঞ্চ বাতিল কৰাকে ধৰি কেইবাটাও দিশত কঠোৰ হোৱাৰ বাবে নিৰ্দেশনা দিয়ে মুখ্যমন্ত্ৰীয়ে । উল্লেখ্য যে চৰকাৰী তথ্য অনুসৰি ২০২২ চনত অসমত ৭০২৩ টা পথ দুৰ্ঘটনাত ২,৯৯৪ জন লোকৰ মৃত্যু হৈছিল ।

পথ দুৰ্ঘটনাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত গড় ৩৭ শতাংশ হোৱাৰ বিপৰীতে অসমত ৪১ শতাংশ । ইয়াৰ ভিতৰত তীব্ৰ গতিৰে বাহন চলোৱাৰ বাবে ৬৮ শতংশ দুৰ্ঘটনা সংঘটিত হয় । আনহাতে সুৰাপান কৰি গাড়ী চলোৱাৰ বাবে ৯.১৪ শতাংশ, ম'বাইল ব্যৱহাৰৰ বাবে ৩.৬০ শতাংশ, ৰঙা লাইট জাম্পিঙৰ বাবে ১.৫২ শতাংশ দুৰ্ঘটনা সংঘটিত হয় । লক্ষণীয় বিষয় যে চলিত বৰ্ষৰ কেৱল মে' মাহতে ৰাজ্যখনত ৬৮৬ টা দুৰ্ঘটনা সংঘটিত হৈছিল আৰু ৩০৬ জন লোকৰ মৃত্যু হৈছিল ।

আজিৰ বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যজুৰি ১৩২ টা দুৰ্ঘটনাৰ ক'লা দাগ সংশোধন কৰা, সুৰাপান কৰি গাড়ী চলোৱা, দ্ৰুত গতিত চলোৱা আৰু হেলমেট পৰিধান নকৰাৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলোৱাৰ বাবে নিৰ্দেশ দিয়ে । আনহাতে বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বান পৰিস্থিতিৰো বুজ লয় ।

ইফালে মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক ভি আই পি সংস্কৃতি পৰিহাৰ কৰাৰ বাবে আহ্বান জনায় । বাহিৰৰ লোক আহিলে গামোচা পিন্ধাব লাগে । মুখ্যমন্ত্ৰীক কিয় গামোচা পিন্ধাব লাগে বুলি প্ৰশ্ন কৰে ৷ বৈঠকত কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত আছিল ৷

লগতে পঢ়ক :Protesting against constituency delimitation:সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ বিৰোধিতা, বন্ধ বৰাক উপত্যকা

ABOUT THE AUTHOR

...view details