অসম

assam

ETV Bharat / state

নিৰ্বাচনী প্ৰচাৰৰ বাবে মঙলবাৰে পুনৰ মণিপুৰলৈ ড৹ হিমন্তবিশ্ব শৰ্মা

মঙলবাৰে পুৱাই গুৱাহাটীৰ পৰা মণিপুৰলৈ উৰা মাৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব ‌শৰ্মা । পুনৰ ৰাজ্যখনত বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ এই যাত্ৰা 'নেডা'ৰ আহ্বায়ক গৰাকীৰ (Himanta Biswa Sarma to campaign again for BJP in Manipur ) ৷

Assam CM Himanta Biswa Sarma to campaign again for bjp in Manipur
নিৰ্বাচনী প্ৰচাৰৰ বাবে মঙলবাৰে পুনৰ মণিপুৰলৈ ড৹ হিমন্তবিশ্ব শৰ্মা

By

Published : Feb 28, 2022, 9:49 PM IST

গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী: বিক্ষিপ্ত হিংসা, উত্তেজনাৰ মাজেৰে মণিপুৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি সমাপ্ত হয় যদিও ৫ মাৰ্চত অনুষ্ঠিত হব চুবুৰীয়া ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । দ্বিতীয় পৰ্যায়ৰ এই ভোটগ্ৰহণৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মঙলবাৰে পুৱাই পুনৰ গুৱাহাটীৰ পৰা মণিপুৰলৈ উৰা মাৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব ‌শৰ্মা (Himanta Biswa Sarma to campaign again for BJP in Manipur ) । উল্লেখযোগ্য যে 'নেডা'ৰ আহ্বায়ক, মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ছবাৰকৈ মণিপুৰ ভ্ৰমণ কৰিছে ।

৬০ জনীয়া মণিপুৰ বিধানসভাৰ ৩৮ টা সমষ্টিৰ বাবে আজি ভোটগ্ৰহণ সম্পূৰ্ণ হয় (First phase of Manipur polls ) । দ্বিতীয় পৰ্যায়ত অৰ্থাৎ ৫ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হব বাকী থকা ২২ টা সমষ্টিৰ বাবে । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙকে ধৰি কেইবাজনো ৰথী মহাৰথীয়ে আজি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । আজি প্ৰথম পৰ্যায়ৰ বাবে ভোটগ্ৰহণ সম্পূৰ্ণ হোৱা ৩৮ টা সমষ্টি আছিল ৰাজ্যখনৰ পাঁচখন জিলা ক্ৰমে বিষ্ণুপুৰ, কাংপোকপি, পূৱ ইম্ফল, পশ্চিম ইম্ফল আৰু চুৰাচান্দপুৰৰ অন্তৰ্গত ।

আনহাতে, মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কাইলৈ দিনজোৰা কাৰ্যসূচীৰে মণিপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব । সন্ধিয়া গুৱাহাটীলৈ উভতি অহাৰ‌ পিছতে মুখ্যমন্ত্ৰী গৰাকী ব্যস্ত হৈ পৰিব মাজুলীৰ উপ-নিৰ্বাচনৰ প্ৰচাৰত । উল্লেখযোগ্য যে, ৭ মাৰ্চত অনুষ্ঠিত হব মাজুলীৰ উপ-নিৰ্বাচন ।

লগতে পঢ়ক :হিংসাত্মক ঘটনাৰ মাজেৰে মণিপুৰ বিধান সভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত 78.03 % মতদান

ABOUT THE AUTHOR

...view details