অসম

assam

ETV Bharat / state

গান্ধী পৰিয়ালক দায়িত্বজ্ঞানহীন আখ্যা মুখ্যমন্ত্ৰীৰ - Uttarakhand tunnel rescue

তেলেংগানাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে মঙলবাৰে নিৰ্বাচনী গীতত নৃত্য কৰাৰ পিচতে তেওঁলোকক সমালোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে ৷ গান্ধী পৰিয়ালক দায়িত্বজ্ঞানহীন আখ্যা ৷

Uttarakhand tunnel rescue operation
Uttarakhand tunnel rescue operation

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 11:03 PM IST

গান্ধী পৰিয়ালক সমালোচনা অসমৰ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 29 নৱেম্বৰ: মঙলবাৰে তেলেংগানাত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে এটা ৰাজনৈতিক গীতত নৃত্য কৰাৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে গান্ধী পৰিয়ালক সমালোচনা কৰে । তেওঁ কয়, ‘‘যেতিয়া ৰাষ্ট্ৰখন উত্তৰাখণ্ডৰ সুৰংগত আৱদ্ধ আমাৰ শ্ৰমিকসকলৰ সুৰক্ষাৰ বাবে উদ্বিগ্ন আৰু প্ৰাৰ্থনাত নিমজ্জিত আছিল, তেতিয়া গান্ধী পৰিয়ালটোৱে তেলেংগানাত গান গাইছিল আৰু নাচি আছিল ।’’

শৰ্মাই এক্সত কয় যে উত্তৰাখণ্ডৰ উদ্ধাৰ অভিযান এক জটিল অভিযান আছিল যিটো নৰেন্দ্ৰ মোদীৰ নেতৃত্ব অবিহনে অসম্ভৱ আছিল । কালি সমগ্ৰ দেশ আমাৰ কৰ্মৰত ভাতৃসকলৰ বাবে চিন্তিত আছিল কিন্তু গান্ধী পৰিয়ালৰ সদস্যসকলে তেলেংগানাত নৃত্য কৰি আছিল ৷

তেওঁ গুৱাহাটীত সাংবাদিকৰ আগতো এই সন্দৰ্ভত বুধবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ‌ কৰে, ‘‘মোৰ কালি তেলেংগানাত নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত আছিল ।‌ কিন্তু নগ’লো । কাৰণ মই চিন্তাত আছিলো । আমাৰ অসমৰো দুজন সন্তান তাত আৱদ্ধ আছিল ।’’ তেওঁ কয় যে গান্ধী পৰিয়ালৰ দৰে দায়িত্বজ্ঞানহীন নেতৃত্ব দেশে কেতিয়াও দেখা পোৱা নাছিল । তেওঁলোক অমানবীয় ।

উল্লেখ্য যে 17 দিনীয়া নিৰন্তৰ প্ৰচেষ্টাৰ অন্তত মঙলবাৰে সন্ধিয়াৰ উত্তৰাখণ্ডৰ ছিল্কিয়াৰা সুৰংগত আবদ্ধ হৈ থকা 41 গৰাকী শ্ৰমিকক সুকলমে উদ্ধাৰ কৰা হয় ৷ ইয়াৰ পিচতে স্বস্তিৰ নিশ্বাস এৰে সকলোৱে ৷ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং দামী সেইসময়ত উদ্ধাৰ স্থানত উপস্থিত আছিল আৰু তেওঁ আটাইকেইগৰাকী শ্ৰমিকক ফুলৰ মালাৰে আদৰণি জনাইছিল ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ব্যস্ত আছিল মাজুলীত ৷ ৰাস উপলক্ষে মাজুলীত উপস্থিত হোৱা মুখ্য়মন্ত্ৰীয়ে ৰাস উপভোগ কৰে সত্ৰপীঠত ৷

লগতে পঢ়ক:নিজৰেই ৰেকৰ্ড ভাঙিব: গছ পুলি ৰোপণ আৰু বিহু নৃত্যৰে পুনৰ বিশ্ব অভিলেখ গঢ়িব অসমে : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details