অসম

assam

ETV Bharat / state

Assam CM on Rahul Gandhi Remark : নাগপুৰলৈ আহি গুৰু দক্ষিণা দিয়ক ৰাহুল গান্ধীয়ে: হিমন্ত বিশ্ব শৰ্মা - Himanta Biswa Sarma reacted on Rahul comment

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে বিজেপি আৰু আৰ এছ এছক গুৰু বুলি বৰ্ণনা কৰাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে এক তীৰ্যক মন্তব্য । ড৹ শৰ্মাই কয় যে যদি সেয়ে হয়, তেন্তে ৰাহুলে নাগপুৰলৈ আহি 'ভাৰত মাতা'ৰ পতাকাক গুৰু দক্ষিণা দিব লাগে (Assam CM respond over Rahul Gandhi remark) ।

HBS
HBS

By

Published : Dec 31, 2022, 7:53 PM IST

নিউজ ডেস্ক, ৩১ ডিচেম্বৰ : পুনৰ এবাৰ চৰ্চালৈ আহিছে অসমৰ মুখ্যমন্ত্ৰী তথা বৰ্তমান ৰাজ্যিক তথা ৰাষ্ট্ৰীয় স্তৰৰ শীৰ্ষ বিজেপি নেতা ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ মাজৰ বাকযুদ্ধ । শেহতীয়াভাৱে ৰাহুল গান্ধীয়ে আগবঢ়োৱা এক মন্তব্যৰ ওপৰত ড৹ শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে (Assam CM respond over rahul Gandhi remark) । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে যদি ৰাহুলে বিজেপিক গুৰু হিচাপে গণ্য কৰে, তেন্তে নাগপুৰলৈ আহক আৰু 'ভাৰত মাতা'ৰ পতাকাক গুৰু দক্ষিণা দিয়ক (Himanta Biswa Sarma reacted on Rahul comment) ।

"যদি তেওঁ ইয়াক (বিজেপি) গুৰু হিচাপে বিবেচনা কৰে, তেন্তে তেওঁ নাগপুৰলৈ যোৱা উচিত । মই তেওঁক ক'ব বিচাৰোঁ যে তেওঁ আৰ এছ এছ আৰু বিজেপিক নহয়, তেওঁ গুৰু হিচাপে 'ভাৰত মাতা'ৰ পতাকাক বিবেচনা কৰা উচিত । আমাৰ গুৰু হৈছে ভাৰত মাতৃৰ পতাকা । তেওঁক নাগপুৰলৈ স্বাগতম জনোৱা হৈছে । তেওঁ 'ভাৰত মাতা'ৰ পতাকাৰ সন্মুখত 'গুৰু দক্ষিণা' আগবঢ়াব লাগে ।" নিজৰ প্ৰতিক্ৰিয়াত হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয় ।

উল্লেখ্য, প্ৰকৃততে ৰাহুল গান্ধীয়ে কৈছিল, "তেওঁলোকে (বিজেপি আৰু আৰ এছ এছ) আমাক আক্ৰমণাত্মকভাৱে আক্ৰমণ কৰক, ইয়াৰ কংগ্ৰেছ দলক আদৰ্শ বুজাত সহায় কৰিব । এক প্ৰকাৰে মই তেওঁলোকক মোৰ গুৰু বুলি বিবেচনা কৰোঁ, তেওঁলোকে মোক পথ দেখুৱাইছে, মোক কি কৰিব নালাগে শিকাইছে (Rahul Gandhi remark on BJP and RSS) ।"

এক সংবাদমেল সম্বোধন কৰি তেওঁ কয়, "যদি বিৰোধী একত্ৰিত হয় আৰু সমন্বয়ৰ সৈতে যুঁজ দিয়ে, তেন্তে ২০২৪ চনত বিজেপিয়ে কঠোৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব । বিৰোধীয়ে বিজেপিৰ বিৰুদ্ধে শক্তিশালী হৈ থিয় দিব লাগে আৰু এক ৰণনীতিৰে কাম কৰিব লাগে ।"

আনহাতে, বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ প্ৰক্ৰিয়া আৰু বিৰোধীৰ প্ৰধানমন্ত্ৰীৰ মুখৰ বিষয়ে সোধাত কংগ্ৰেছ নেতাজনে কয়, "এই মুহূৰ্তত মোৰ মুখ্য লক্ষ্য হৈছে অখণ্ড ভাৰতৰ বাবে, আমি ঘৃণাৰ বিৰুদ্ধে যুঁজ দিয়া উচিত । মোৰ মনোযোগ কেৱল ভাৰতক একত্ৰিত কৰাতহে আছে ।"

লগতে পঢ়ক :Assam District Remerged: বিলুপ্ত হ’ল 4 খন জিলা, কেবিনেটৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details