গুৱাহাটী,২ ফেব্ৰুৱাৰী:কেন্দ্ৰীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণে বুধবাৰে সংসদত দাখিল কৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটক উত্তৰ-পূৰ্বাঞ্চলৰ বাবে নতুন দিগন্ত আখ্যা দিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । বৃহস্পতিবাৰে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই(Assam CM Himanta Biswa Sarma) বাজেট সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ কয় যে ২০১৪ চনৰ পৰা প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৃষ্ঠপোষকতাত দাখিল কৰা প্ৰতিখন বাজেটে দেশত বিকাশৰ পথ প্ৰশস্ত কৰিছে । বুধবাৰৰ বাজেটখন অমৃতকালৰ প্ৰথমখন বাজেট । এই বাজেটত সপ্ত-ঋষিৰ ধাৰণা উপস্থাপন কৰা হৈছে । সাতটা স্তম্ভৰে অমৃতকালৰ দিশ উত্থাপন কৰা হৈছে ।
কেন্দ্ৰীয় বাজেটে অসমসহ উত্তৰ-পূৰ্বাঞ্চলক বিকাশৰ পথত আৰু অধিক আগুৱাই লৈ যাব বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বৃহৎ পৰিমাণৰ পুঁজিৰ আবণ্টন দিয়া হৈছে(Himanta Biswa Sarma reactions on Union budget) । ৭৮,৫০০ কোটি টকা ধাৰ্য কৰা হৈছে । আনহাতে ড'নাৰৰ বাবে আবণ্টন দিয়া হৈছে ৫৮৯২ কোটি টকা । উত্তৰ-পূৰ্বাঞ্চলৰ বাবে দিয়া পুঁজিৰ ৪০ শতাংশ অসমৰ বুলি উল্লেখ কৰি তেওঁ কয় যে এইবাৰ অসমক ৩১৯০০ কোটি টকা দিয়া হৈছে । সেইদৰে অসমৰ বাবে সুদ বিহীন মূলধনী ঋণ ১.৩৭ লাখ কোটি দিয়া হৈছে(Union Budget 2023) । ইয়াৰ দ্বাৰা অসম বিশেষভাৱে লাভৱান হ'ব ।