অসম

assam

ETV Bharat / state

CM Himanta Biswa Sarma : তামিলনাডু চৰকাৰৰ‌ মন্ত্ৰী উদয়ানিধিয়ে সনাতন ধৰ্ম সন্দৰ্ভত কৰা মন্তব্যত মুখ্যমন্ত্ৰী হিমন্ত‌ বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

তামিলনাডু চৰকাৰৰ‌ মন্ত্ৰী উদয়ানিধি ষ্টালিনে সনাতন ধৰ্ম সন্দৰ্ভত কৰা মন্তব্যই দেশৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ টুইটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত‌ বিশ্ব শৰ্মাই তামিলনাডু চৰকাৰৰ‌ মন্ত্ৰী উদয়ানিধিয়ে সনাতন ধৰ্ম সন্দৰ্ভত কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ‌ কৰিছে ৷

Udayanidhi Stalins Sanatana Dharma Remark
উদয়নিধি ষ্টালিনৰ মন্তব্যৰ প্ৰতিক্ৰিয়া অসমৰ মুখ্যমন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 9:47 PM IST

গুৱাহাটী, 4 ছেপ্টেম্বৰ : তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ পুত্ৰ তথা তামিলনাডু চৰকাৰৰ‌ মন্ত্ৰী উদয়ানিধি ষ্টালিনে সনাতন ধৰ্ম সন্দৰ্ভত কৰা মন্তব্যই দেশৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ এই সন্দৰ্ভত বিজেপিৰ শীৰ্ষ নেতাৰ পৰা আৰম্ভ কৰি বিজেপি দলৰ নেতাসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ‌ কৰিছে ৷

অসমৰ‌ মুখ্যমন্ত্ৰী ড৹ হিমন্ত‌ বিশ্ব শৰ্মাই তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ পুত্ৰ তথা তামিলনাডু চৰকাৰৰ‌ মন্ত্ৰী উদয়ানিধিয়ে সনাতন ধৰ্ম সন্দৰ্ভত কৰা মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ‌ কৰিছে ৷ টুইটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত‌ বিশ্ব শৰ্মাই তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ পুত্ৰ তথা তামিলনাডু চৰকাৰৰ‌ মন্ত্ৰী উদয়ানিধিয়ে সনাতন ধৰ্ম সন্দৰ্ভত কৰা মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ‌ কৰিছে ৷ টুইটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত‌ বিশ্ব শৰ্মাই কয় যে, "হিন্দু বিৰোধী মন্তব্য দিয়াৰ ক্ষেত্ৰত মিত্ৰজোঁটৰ সহযোগীসকলৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰাৰ পৰিৱৰ্তে কংগ্ৰেছে বাক স্বাধীনতাৰ যুক্তিৰ পিছত লুকাইছে ৷" মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় "যদি ইয়াৰ ঠাইত ইছলাম, খ্ৰীষ্টান আদি অন্য ধৰ্মৰ বিৰুদ্ধে কোনো মন্তব্য দিলে হয়, তেতিয়া কি কংগ্ৰেছে এই বিষয়টো এনেদৰে এৰি চলিলেহেতেন নে ? বাস্তৱত এয়া স্পষ্ট হৈ পৰিল যে কংগ্ৰেছে সনাতন ধৰ্মৰ ক্ষতি কৰাৰ ষড়যন্ত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে ৷"

উল্লেখ্য যে সনাতন ধৰ্ম শেষ কৰাৰ কথা কৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ পুত্ৰ তথা তামিলনাডু চৰকাৰৰ‌ মন্ত্ৰী উদয়ানিধিয়ে সনাতন ধৰ্মক মেলেৰিয়া, ডেংগু, ক’ৰণাৰ দৰে ৰোগৰ সৈতে তুলনা কৰে আৰু কয় যে এনে ধৰণৰ বস্তুৰ বিৰোধিতা কৰা উচিত নহয়, ধ্বংস কৰাহে উচিত ৷ প্ৰগ্ৰেছিভ ৰাইটাৰ্ছ এণ্ড আৰ্টিষ্ট এছ'চিয়েশ্যনৰ দ্বাৰা আয়োজিত তামিল ভাষাত তামিলনাডু শীৰ্ষক এখন সভাত ভাষণ দি উদয়নিধি ষ্টালিনে সনাতন ধৰ্মক "সনাতনম" বুলি উল্লেখ কৰে ৷ তেওঁ কয় "সনাতনম কি ? এইটো সংস্কৃত ভাষাৰ এটা শব্দ ৷ সনাতন সমতা আৰু সামাজিক ন্যায়ৰ বিৰুদ্ধ কৰাৰ বাহিৰে আন একো নহয় ৷"

উদয়নিধি ষ্টালিনে সনাতন ধৰ্ম সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মাৰ

উল্লেখযোগ্য যে বহুতো বিজেপি নেতাই উদয়ানিধি ষ্টালিনৰ বিতৰ্কিত মন্তব্যত আপত্তি জনাইছে ৷ লগতে বিৰোধীৰ ঐক্য "INDIA"ৰ মিত্ৰজোঁট কংগ্ৰেছ আৰু ডিএমকে দলৰ বিৰুদ্ধে সমালোচনামুখৰ হৈ পৰিছে বিজেপিৰ নেতা সকলে৷ উদয়নিধিয়ৰ এই বিতৰ্কিত বক্তব্যৰ পিছত তেওঁৰ আৰু তেওঁৰ পিতৃ এম.কে. ষ্টালিনৰ ধৰ্মৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে বহুতে ৷

লগতে পঢ়ক :Assam CM Meet Amit Shah : অমিত শ্বাহেৰে আফস্পা সম্পূৰ্ণ প্ৰত্যাহাৰৰ ৰোডমেপ সম্পৰ্কে আলোচনা মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details