অসম

assam

ETV Bharat / state

Assam History controversy: বাওঁপন্থীক দোষাৰোপ কৰি অসমৰ বুৰঞ্জী নতুন ধৰণে লিখাৰ অংগীকাৰ মুখ্যমন্ত্ৰীৰ - Himanta Biswa Sarma criticizes leftist

গুৱাহাটীৰ মাছখোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ দিৱসৰ কাৰ্যসূচীত অংশ লৈ আকৌ এবাৰ বাঘ হাজৰিকাৰ প্ৰসংগৰ অৱতাৰণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Bagh Hazarika controversy) ৷ বাঘ হাজৰিকাক কাল্পনিক চৰিত্ৰ আখ্যা দি শৰাইঘাটৰ ৰণত নৰ হাজৰিকাইহে লাচিতক সহায় কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷ লগতে বাঁওপন্থীসকলৰ হাঁতোৰাৰ পৰা ইতিহাস উদ্ধাৰ কৰিব লাগিব বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই (Himanta Biswa Sarma on Assam History) ৷

Assam History controversy
অসমৰ বুৰঞ্জী সন্দৰ্ভত বাওঁপন্থীক সমালোচনা

By

Published : Jan 12, 2023, 7:37 PM IST

অসমৰ বুৰঞ্জী সন্দৰ্ভত বাওঁপন্থীক সমালোচনা

গুৱাহাটী, 12 জানুৱাৰী: স্বামী বিবেকানন্দ জয়ন্তী উপলক্ষে বৃহস্পতিবাৰে সমগ্ৰ দেশতে আয়োজন কৰা হয় “ৰাষ্ট্ৰীয় যুৱ দিৱস” (National Youth Day celebrate in India) ৷ ইয়াৰ লগত সংগতি ৰাখি মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত “যুগদৃষ্টি” শীর্ষক এক অনুষ্ঠান বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৷ অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ভাৰতৰ সু-প্ৰাচীন সভ্যতা ধৰাৰ অতি চহকী । স্বামী বিবেকানন্দৰ বিষয়ে আলোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, স্বামী বিবেকানন্দ এগৰাকী তেস্বসী সন্ন্যাসী আছিল । ভাৰতৰ নৱজাগৰণৰ স্ৰষ্টা আছিল । স্বামী বিবেকানন্দৰ যুব প্ৰজন্মৰ অত্যন্ত বিশ্বাস আছিল (National Youth Day celebration in Assam) ।

ভাষণত মুখ্যমন্ত্ৰীয়ে আৰু কয়, ‘‘যোৱা কিছু বছৰৰ পৰা আদৰ্শৰ সংঘাত হৈ আছে । বিজেপি আৰু চৰকাৰে ইতিহাসক শুদ্ধ ৰূপত তুলি ধৰাৰ চেষ্টা আৰম্ভ কৰিছে । শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকা নামৰ কোনো নাছিল । এয়া কাল্পনিক চৰিত্ৰ । বাওঁপন্থী সকলে এই ধাৰণা আমাৰ মাজত সুমুৱাই দিছে’’ । বাঘ হাজৰিকা, অসমৰ ইতিহাস, লাচিত দিৱস আদি কেইবাটাও বিষয় সন্দৰ্ভত বাঁওপন্থীসকলক বাৰুকৈয়ে কটাক্ষ কৰে মুখ্যমন্ত্ৰী শৰ্মাই (CM Himanta Criticizes Leftists) ৷

বাওঁপন্থীসকলক আক্ৰমণ কৰি হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘বাওঁপন্থীসকলে উদ্দেশ্য প্ৰণোদিতভাৱে বহু কথা আমাক জানিবলৈ দিয়া নাছিল । বুৰঞ্জী নতুন ধৰণে লিখিব লাগিব । আমাৰ ইতিহাসক বাওঁপন্থীৰ হাতোৰাৰ পৰা মুক্ত কৰিব লাগিব " । তেওঁ লগতে কয়, ‘‘আমাৰ জাতীয় জীৱনৰ আন এক সমস্যা হৈছে ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত কেইবাটাও অসত্য । লাহে লাহে আমাৰ মনত নতুন চিন্তাৰ উদয় হৈছে । লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী পালন কৰাৰ সময়ত বহু ধাৰণা আমাৰ সন্মুখনৰ পৰা আঁতৰি গৈছে (Lachit Divas celebration) । আমি ভাৰত বৰ্ষত সকলো জাতি ধৰ্মৰ লোকৰ মিলনৰ ভূমি হিচাপে গঢ়ি তুলিব বিচাৰো । আমি বিচাৰো ভাৰতৰ মুছলমান সমাজতেই ভাৰতৰ প্ৰগতি আৰু বিকাশৰ ধাৰাত সমৰ্থন জনাওক’’ ।

ইতিহাসৰ বিকৃতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ইতিহাসৰ বিকৃতিয়ে আমাৰ মনত কিছু ধাৰণাৰ জন্ম দিয়ে । যি ধাৰণা আমাৰ জাতীয় জীৱনৰ বাবে উপযোগী নহয় । লাচিত বৰফুকনৰ জন্ম জয়ন্তী পালন কৰাৰ সময়ত একাংশই প্ৰশ্ন কৰিছিল যে, লাচিত বৰফুকন হিন্দু বীৰ নাছিল, ভাৰতীয় বীৰ নাছিল । এই প্ৰশ্নৰ উত্তৰ আমি এষাৰে দিব পাৰো যে লাচিত বৰফুকনে মা কামাখ্যাৰ আশীষ লৈ মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰেৰণা দিছিল’’ (Himanta Biswa Sarma on Assam History) ৷

শৰাইঘাটৰ ৰণৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘‘একাংশই কৈছিল লাচিতৰ লগত বাঘ হাজৰিকাই যুঁজ দিছিল । কিন্তু বাঘ হাজৰিকা ক’ৰ ইতিহাসৰ পৰা আহিল কোনোৱে আজিলৈ অসমত প্ৰশ্ন কৰা নাছিল । বেণুধৰ শৰ্মাৰ বুৰঞ্জী পঢ়িলো, সূৰ্য কুমাৰ ভূঞাৰ বুৰঞ্জীৰ পাতত বিচাৰিলো । বাঘ হাজৰিকাৰ কথা উল্লেখ নাছিল’’ (Bagh Hazarika controversy)।

তেওঁ আৰু কয়, ‘‘মানুহে এনেকৈয়ো কৈছিল যে, শৰাইঘাটৰ যুদ্ধত এফালে ৰাম সিংহ আৰু আনফালে লাচিত বৰফুকন, বাঘ হাজৰিকা আছিল । এই পৰ্যায়লৈকে কথাবোৰ লৈ যোৱা হৈছিল । আমাৰ ইতিহাসৰ কোনো অধ্যাপক-অধ্যাপিকাই ইয়াক লৈ প্ৰশ্ন কৰা নাছিল । কিন্তু এইবাৰ দিল্লীত প্ৰথমবাৰৰ বাবে সংগীতা গগৈ আৰু আন একাংশই ক'লে যে, বাঘ হাজৰিকা বুলি কোনো চৰিত্ৰ নাছিল । কিন্তু যেতিয়া লাচিত বৰফুকন নৰিয়াত আছিল তেতিয়া সেনা সকলক প্ৰেৰণা দিছিল নৰ হাজৰিকাই । বাঘ হাজৰিকাই নহয় । ইতিহাসে কয় সেই সময়ত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই ১০০০ টকা দি নৰ হাজৰিকাক পুৰস্কৃত কৰিছিল । অসমীয়া জাতিয়ে আজিলৈকে নৰ হাজৰিকাক সন্মান জনোৱা নাই’’ । এটা কাল্পনিক চৰিত্ৰক আগত ৰাখি বীৰ সকলক অপমানিত কৰিছেে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:Bagh Hazarika Controversy: সাময়িক লাভালাভৰ স্বাৰ্থত অসমৰ সম্প্ৰীতি নাভাঙিবলৈ মুখ্যমন্ত্ৰীক আহ্বান

ABOUT THE AUTHOR

...view details