গুৱাহাটী, ২২ আগষ্ট: কংগ্ৰেছ ৱৰ্কিং কমিটিক ক্লাৱৰ লগত তুলনা কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । নতুন দিল্লীত সাংবাদিকৰ আগত মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ৱৰ্কিং কমিটিক ক্লাৱৰ তুলনা কৰি সাংসদ গৌৰৱ গগৈক একপ্ৰকাৰ তীব্ৰ কটাক্ষ কৰে । উল্লেখ্য যে, এদিন পূৰ্বে গৌৰৱ গগৈয়ে অসমৰ বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত তীৰ্যক মন্তব্য কৰিছিল ।
গুৱাহাটী ৰাজীৱ ভৱনত সংবাদমেল পাতি বৰ্তমানৰ বিজেপি চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ বাক্যবাণেৰে সমালোচনা কৰিছিল কংগ্ৰেছ ৱৰ্কিং কমিটিৰ নৱনিযুক্ত সদস্য তথা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে ৷ তেওঁ কৈছিল যে বৰ্তমান অসমত বিজেপি দল বিজেপি দল হৈ থকা নাই ৷ বিজেপি হ’ল বিশ্ব জনতা পাৰ্টি ৷ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা জনতা পাৰ্টি হিচাপে পৰিগণিত হৈছে অসম বিজেপি ৷