গুৱাহাটী, 1 মে' :শেহতীয়াকৈ আলফা স্বাধীনত যুৱক-যুৱতীৰ যোগদান (Numbers of youth joining in ULFA I) সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ (Himanta Bishwa Sarma reaction regarding ULFA I) কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, আলফালৈ কোনোবা যোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিচাপে তেওঁ সমৰ্থন কৰিব নোৱাৰে ।
যিবিলাক ল’ৰা-ছোৱালী যোৱাৰ নাম ওলাইছে তেওঁলোকৰ কোনোবাই নিজৰ কণমানি সন্তানক, কোনোবাই নিজৰ পত্নী নাইবা কোনোবাই নিজৰ বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ গৈছে । সেইটো কেতিয়াও সমৰ্থন কৰিব নোৱাৰো বুলি উল্লেখ কৰি তেওঁ আৰু কয় য়ে, ‘‘মই ভাৱো পৰেশ বৰুৱাই এই কথা গম পালে এটা সিদ্ধান্ত ল'ব’’ ।
লগতে পঢ়ক :New Video of Sanjiv Sarma: গুপ্তচৰ সঞ্জীৱ শৰ্মাৰ নতুন ভিডিঅ' প্ৰকাশ আলফা স্বাধীনৰ