গুৱাহাটী,৪ মে': এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে অগ্ৰসৰ হৈছে অসম চৰকাৰ । ১১ মে' ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উদযাপন কৰা হ'ব (Second anniversary of Assam government) । সেইদিনা ৫০ হাজাৰ নিযুক্তিৰে চৰকাৰখনে এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব (Fifty thousand jobs in Assam) । অৱশ্যে চৰকাৰখনে এবছৰত এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰতি দিছিল যদিও দুবছৰত সেই প্ৰতিশ্ৰুতি পূৰণৰ দিশে অগ্ৰসৰ হৈছে ।
১১ মে'ত গুৱাহাটীৰ খানাপাৰা খেলপথাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হ'ব বিশাল নিযুক্তি প্ৰদান অনুষ্ঠান । এই বিশাল নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানৰ জৰিয়তে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত সদ্য নিযুক্তিপ্ৰাপ্ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৫ হাজাৰৰো অধিক যুৱক-যুৱতীক একেলগে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব ।
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণাৰ পিছতে নিযুক্তি প্ৰদান প্ৰক্ৰিয়াটো সন্দৰ্ভত আলোচনাৰ বাবে আজি জনতা ভৱনত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু সঞ্চালকসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় (Meeting on distribution of appointment letters at Janata Bhawan) । বৈঠকত নিযুক্তি প্ৰক্ৰিয়াটো অতি সুন্দৰভাৱে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰতকৰণীয় বিভিন্ন বিষয়ত বিশদভাৱে আলোচনা কৰা হয় ।