অসম

assam

ETV Bharat / state

Sanskritik Mahasangram: 25 অক্টোবৰৰ পৰা অসমত আৰম্ভ হ'ব সাস্কৃতিক মহাসংগ্ৰাম - জ্যোতি সংগীত

মঙলবাৰে জনতা ভৱনত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ স্মৃতি চিহ্ন, প্ৰতীক চিহ্ন, শীৰ্ষ গীত,প'ৰ্টেল, বিচাৰকৰ কিট উন্মোচন মুখ্যমন্ত্ৰীৰ ৷ 25 অক্টোবৰৰ পৰা 7 ফেব্ৰুৱাৰীলৈ সমগ্ৰ ৰাজ্যজুৰি সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠিত হ'ব ৷ এই ঘোষণা মুখ্যমন্ত্ৰীৰ ৷

Sanskritik Mahasangram 2023
15 দিনৰ পাচতে অসমত চলিব সাংস্কৃতিক মহাসংগ্ৰাম

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 10:01 PM IST

15 দিনৰ পাচতে অসমত চলিব সাংস্কৃতিক মহাসংগ্ৰাম

গুৱাহাটী,10 অক্টোবৰ:অমৃত কলহ যাত্ৰা শেষ হোৱাই নাই ৰাজ্য চৰকাৰে বজালে খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰামৰ ৰণডংকা ৷ অসম চৰকাৰে ৰাজ্যজুৰি বিশাল কাৰ্যসূচীৰে আয়োজন কৰিব খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰাম ।

সেয়ে মঙলবাৰে জনতা ভৱনত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ স্মৃতি চিহ্ন, প্ৰতীক চিহ্ন, শীৰ্ষ গীত, প'ৰ্টেল, বিচাৰকৰ কিট আদি আনুষ্ঠানিকভাৱে উন্মোচন কৰে মুখ্যমন্ত্ৰীয়ে । আনহাতে খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰামৰ সন্দৰ্ভত সংবাদমেলৰ জৰিয়তে কেতবোৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

‘‘25 অক্টোবৰৰ পৰা 7 ফেব্ৰুৱাৰীলৈ সমগ্ৰ ৰাজ্যজুৰি সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠিত হ'ব । গ্ৰাম্য সাংস্কৃতিক প্ৰতিভাক চিনাক্ত আৰু উৎসাহিত কৰাৰ উদ্দেশ্যে আগত ৰাখি সাংস্কৃতিক বিভাগে ছটা শাখাত প্ৰতিযোগিতা অনুষ্ঠিত কৰিব । জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত, লোক নৃত্য আৰু বিহু । একক আৰু দলীয়ভাৱে প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।’’ এই ঘোষণা মুখ্যমন্ত্ৰীৰ ৷

এই পদক্ষেপেৰে অসমৰ ভৱিষ্যৎ প্ৰজন্মৰ মনত আমাৰ সংস্কৃতিৰ প্ৰতি অধিক আগ্ৰহী কৰাৰ লগতে সুপ্ত প্ৰতিভাসমূহক চিনাক্ত কৰি সাংস্কৃতিক ক্ষেত্ৰখনৰ উত্তৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্রীগৰাকীয়ে ।

‘‘এই প্ৰতিযোগিতা বয়স অনুসৰি তিনিটা শাখাত অনুষ্ঠিত হ'ব । ইচ্ছুকসকলে অনলাইন আৰু অফলাইন যোগে আবেদন কৰিব পাৰিব । প্ৰতিযোগিতাসমূহ তৃণমূল পৰ্যায়ৰ পৰা বিধানসভা সমষ্টি, জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'ব । চূড়ান্ত প্ৰতিযোগিতা 7 ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব । সাংস্কৃতিক মহাসংগ্ৰামৰ কাৰ্যসূচীৰ বাবে প্ৰায় 30 কোটি টকা ব্যয় হ'ব ৷’’ এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্রী শৰ্মাই ।

উল্লেখ্য যে ইতিমধ্যে খেল মহাৰণৰ ল’গ’, জাৰ্চী, থীম চং, ৱেবচাইট, মোবাইল এপ মুকলি কৰা হৈছে । 1 নৱেম্বৰ পৰা 10 জানুৱাৰীলৈ অসমত অনুষ্ঠিত হ'ব খেল মহাৰণ । খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰামৰ বাবে প্ৰতিগৰাকী বিধায়কে বিধায়ক পুঁজিৰ 10 শতাংশ বিনিয়োগ কৰাৰ বাবে পৰামৰ্শ দিয়ে মুখ্যমন্ত্রীয়ে ।

লগতে পঢ়ক:Defamation Case Against Congress MLA: বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানি গোচৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ

ABOUT THE AUTHOR

...view details