গুৱাহাটী, 22 মাৰ্চ :মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এগৰাকী ধৰ্মগুৰুৱে প্ৰদান কৰিছে হিন্দু হৃদয় সম্ৰাট সম্মান । ধৰ্মগুৰুগৰাকীৰ নাম বাগেশ্বৰ ধামৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী । বুধবাৰে বাগেশ্বৰ ধামৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে গুৱাহাটীত মুখ্যমন্ত্ৰীক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে । বাগেশ্বৰ ধামৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি তেওঁক এই সন্মানেৰে অভিহিত কৰি আশীৰ্বাদ প্ৰদান কৰে (Bageshwar Dham Sarkar meet Assam CM)।
মুখ্যমন্ত্ৰীয়ে বাগেশ্বৰ ধামৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ সৈতে বহু সময় ধৰি কথোপকথনত মিলিত হয় । মুখ্যমন্ত্ৰীয়ে বাগেশ্বৰ ধামৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক সাক্ষাতৰ সময়ৰ দুখনমান আলোকচিত্ৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে । মন কৰিবলগীয়া যে, বাগেশ্বৰ ধামৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী এগৰাকী বিতৰ্কিত ধৰ্মগুৰু (Assam CM awarded the Hindu Hridoy samrat Award)।
উল্লেখ্য যে, শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰৰ সময়ত হিন্দু শব্দ ব্যৱহাৰ কৰি সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে । এনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইগৰাকী বিতৰ্কিত ধৰ্মগুৰুৱে হিন্দু হৃদয় সম্ৰাট সম্মান প্ৰদান কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ।
কোন এই বাগেশ্বৰ ধামৰ পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী ?