অসম

assam

ETV Bharat / state

Ambulance Service: ৰাজ্যৰ জনজাতীয় অধ্যুষিত অঞ্চলৰ বাবে এম্বুলেন্স সেৱা মুকলি মুখ্যমন্ত্রীৰ - ড৹ হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যৰ জনজাতীয় অধ্যুষিত ৩৪টা অঞ্চলৰ বাবে দেওবাৰে আনুষ্ঠানিকভাৱে এম্বুলেন্স সেৱা মুকলি কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই এম্বুলেন্সসমূহে ৰাজ্যখনৰ বিভিন্ন জিলাৰ ৩৪টা জনজাতীয় অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰ, স্বাস্থ্য উপ-কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ৰাজ্যিক চিকিৎসালয়ত সেৱা আগবঢ়াব ৷

Assam CM Flags off 34 Ambulances
৩৪খন এম্বুলেন্সৰ ফ্লেগ অফ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

By

Published : Aug 13, 2023, 8:05 PM IST

গুৱাহাটী, ১৩ আগষ্ট : ৰাজ্যৰ জনজাতীয় অধ্যুষিত ৩৪টা অঞ্চলৰ বাবে দেওবাৰে আনুষ্ঠানিকভাৱে এম্বুলেন্স সেৱা মুকলি কৰা হয় ৷ এই উপলক্ষ্যে জনতা ভৱন চৌহদত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই এম্বুলেন্স সেৱাৰ শুভাৰম্ভ কৰে ৷ অসম চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজন কৰা কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চিকিৎসা খণ্ডত উল্লেখযোগ্য সংযোজন হিচাপে এই এম্বুলেন্স সেৱাৰ ফ্লেগ অফ কৰে ৷

উল্লেখ্য যে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ২৭৫(১)ৰ অধীনত মুখ্যমন্ত্ৰীয়ে অসমৰ অনুসূচিত জনজাতি বসতিপূৰ্ণ অঞ্চলৰ ৩৪খন চিকিৎসালয়-স্বাস্থ্য কেন্দ্ৰলৈ সকলো আনুষংগিক সামগ্ৰীসহ ৩৪খন এম্বুলেন্স বিতৰণ কৰে ৷ জনসাধাৰণৰ সেৱাত উৎসৰ্গিত এই এম্বুলেন্সসমূহে ৰাজ্যখনৰ বিভিন্ন জিলাৰ ৩৪টা জনজাতীয় অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰ, স্বাস্থ্য উপ-কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ৰাজ্যিক চিকিৎসালয়ত সেৱা আগবঢ়াব ৷ এই নতুন এম্বুলেন্স সেৱাই ৰাজ্যখনৰ স্বাস্থ্য খণ্ডৰ উত্তৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে ৷

এম্বুলেন্স সেৱা মুকলি মুখ্যমন্ত্রীৰ

আনহাতে মন্ত্রী ডাঃ ৰণোজ পেগুৱে ইয়াৰ দ্বাৰা ভিতৰুৱা অঞ্চলত বাস কৰা অসমৰ জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ বাবে চিকিৎসা সেৱা লাভ কৰাত আৰু অধিক সহায়ক হ'ব বুলি সদৰি কৰে ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব মুকেশ চন্দ্ৰ চাহু আৰু সঞ্চালক ভৱানী প্ৰসাদ শৰ্মা প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল ৷

৩৪টা অঞ্চলৰ বাবে দেওবাৰে আনুষ্ঠানিকভাৱে এম্বুলেন্স সেৱা মুকলি কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই

উল্লেখ্য যে এই এম্বুলেন্স সেৱাই মাজুলীৰ কাৰাটিপাৰ চাব চেন্টাৰ, ধেমাজিৰ টেলাম পি এইচ চি, লখিমপুৰৰ জাগিস্তুতি হেল্থ চাব চেণ্টাৰ, ধেমাজিৰ লখিপথাৰ মিনি পি এইচ চি, কোকৰাঝাৰৰ গোসাইনিচিনা ষ্টেট ডিচপেনচেৰী আৰু চিম্বাৰগাঁও ষ্টেট ডিচপেনচেৰী, চিৰাঙৰ খুংৰিং চাব চেণ্টাৰ, বাক্সাৰ বনগাঁও চাব চেণ্টাৰ, ওদালগুৰিৰ বন্দৰগুৰি পি এইচ চি, শিৱসাগৰৰ দিখৌমুখ পি এইচ চি, ডিব্ৰুগড়ৰ মথাওনি হেল্থ এণ্ড ৱেলফেয়াৰ চেণ্টাৰ, লখিমপুৰৰ ঘূণাসূঁতি পি এইচ চি, শিৱসাগৰৰ তেপৰগাঁও হেল্থ চাব চেণ্টাৰ আৰু দ'লপা চাব চেণ্টাৰ, যোৰহ‍াটৰ মহাত্মা গান্ধী মডেল হাস্পতালক সামৰি লৈছে ৷

লগতে মৰিগাঁৱৰ লুনমাটি ষ্টেট ডিচপেন্সেৰী, নগাঁৱৰ চাপানলা পি এইচ চি, যোৰহাটৰ জাজীমুখ মিনি পি এইচ চি, ডিব্ৰুগড়ৰ চাহাৰিকটা চাব চেণ্টাৰ, ওদালগুৰিৰ মালমূৰা চাব চেণ্টাৰ, কামৰূপৰ সোনাপুৰ চাব চেণ্টাৰ, বাক্সাৰ বেতনা চাব চেণ্টাৰ, ধেমাজিৰ গোগামুখ চি এইচ চি, গোলাঘাটৰ গুলুং টেমেৰা চাব চেণ্টাৰ, শোণিতপুৰৰ লুইতমুখ পি এইচ চি, লখিমপুৰৰ গাৰচিগা ষ্টেট ডিচপেন্সেৰী, ওদালগুৰিৰ যজ্ঞপুৰ হেল্থ চাব চেণ্টাৰ, বাক্সাৰ গোলাগাঁও বি পি এইচ চি আৰু পাকৰিবাৰী চাব চেণ্টাৰ, লখিমপুৰৰ জামুগুৰি চাব চেণ্টাৰ, কামৰূপৰ লাহৰিঘাট হাস্পতাল, কোকৰাঝাৰৰ কাচাইবাৰী চাব চেণ্টাৰ, শিৱসাগৰৰ দিচাংমুখ পি এইচ চি আৰু কামৰূপৰ ধূপগুৰি ষ্টেট ডিচপেন্সেৰীক সামৰি লৈছে ৷

লগতে পঢ়ক :Azadi Ka Amrita Mahotsav: হোজাইত একেলগে স্মৃতি ফলক উন্মোচন-গছপুলি ৰোপণ

ABOUT THE AUTHOR

...view details