নিউজ ডেস্ক, ৪ ছেপ্টেম্বৰ : অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে । তেওঁ ৰাজ্যখনৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ বাবে অনুৰোধ জনায় । ৰাজ্য চৰকাৰৰ এক বিজ্ঞপ্তি অনুসৰি, ৩০ মিনিট ধৰি চলা বৈঠকত মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমৰ পৰা আফস্পা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ ৰোডমেপ সন্দৰ্ভত আলোচনা কৰে ।
মুখ্যমন্ত্ৰীয়ে আইন-শৃংখলা পৰিস্থিতিৰ গুৰুত্বপূৰ্ণ উন্নতি, কেইবাখনো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ সৈতে উগ্ৰপন্থী সংগঠনসমূহৰ বহুসংখ্যক আত্মগোপনকাৰী কেডাৰৰ আত্মসমৰ্পণ আৰু সুৰক্ষা কৰ্মী আৰু অসামৰিক লোকৰ মৃত্যুৰ সংখ্যা ব্যাপক হাৰত হ্ৰাসক অসমৰ পৰা আফস্পা সম্পূৰ্ণৰূপে উঠাই লোৱাৰ কাৰণ হিচাপে উল্লেখ কৰে ।
আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমৰ পৰা আফস্পা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ পথ প্ৰশস্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীক কিছু পৰামৰ্শ আগবঢ়ায় বুলি বিজ্ঞপ্তিটোত কোৱা হৈছে । ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী শ্বাহক আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰে সেই পৰামৰ্শসমূহৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব ।
বৈঠকৰ পিছত এক্সত (পূৰ্বতে টুইটাৰ) মুখ্যমন্ত্ৰীয়ে কয়, "মই আজি মাননীয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহজীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি অসমৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ ৰোডমেপ সন্দৰ্ভত আলোচনা কৰোঁ । অসম চৰকাৰে মাননীয় গৃহমন্ত্ৰীৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব ।"
উল্লেখ্য যে সমগ্ৰ অসমতে ১৯৯০ চনৰ পৰা 'অশান্ত অঞ্চল' অধিসূচনা বলৱৎ হৈ আছে । আনহাতে, ২০২২ চনৰ ১ এপ্ৰিলত নখন জিলা আৰু এখন জিলাৰ এটা মহকুমাক বাদ দি সমগ্ৰ অসমৰ পৰা আফস্পা আঁতৰোৱা হয় ।