গুৱাহাটী, ২৬ জুন:গুৱাহাটীৰ বানপানী বনাম মুম্বাইৰ বানপানী ৷ গুৱাহাটীৰ কৃত্ৰিম বানপানীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচাহ ভৰা মন্তব্য ৷ মুম্বাইৰ বানপানীক পৰাভূত কৰিব পাৰিছে অসমৰ বানপানীয়ে । আমাৰ কাৰণে ভাল কথা বুলি গৌৰৱ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে ।
সোমবাৰে গুৱাহাটীত এক চৰকাৰী অনুষ্ঠানৰ পিছতে সাংবাদিকৰ কিছু প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সাংবাদিকৰ কিছু প্ৰশ্নৰ উত্তৰত সাংবাদিকে প্ৰশ্ন কৰা বিষয়ত ধাৰণা আৰু সত্যৰ মাজত পাৰ্থক্য বুজাবলৈ গৈ মুখ্যমন্ত্ৰীয়ে উদাহৰণ দিলে মুম্বাই আৰু অসমৰ গুৱাহাটীৰ বানপানীৰ ৷ এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে প্ৰথমেই ক’লে, ‘‘সাংবাদিকসকলে ভাবে গুৱাহাটীত পানীৰ পাইপ ফুটিলে অসমত বিজেপি বিৰোধী ঢৌ আহিল, সেইটো সাংবাদিকৰ ধাৰণা ৷ গুৱাহাটীত পানী উঠিলে সাংবাদিকসকল চিন্তিত হৈ যায় ।’’
‘‘মহাৰাষ্ট্ৰৰ পানী মূৰৰ ওপৰত, গুৱাহাটীৰ পানী আঁঠুৰ তলত ৷ আঁঠুৰ ওপৰৰ পৰাও নোহোৱা হ’ব লাগিব ৷ আমি কিমান ভাল কৰি আছো !’’ বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷