অসম

assam

ETV Bharat / state

গৰুখুঁটিৰ হিংসাত্মক পৰিস্থিতিৰ বাবে এটা বিশেষ সংগঠনক দোষাৰোপ মুখ্যমন্ত্ৰীৰ - মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল যে সকলো ভূমিহীন পৰিয়ালক ছয় বিঘা মাটি প্ৰদান কৰিব

দৰং জিলাৰ গৰুখুঁটিত উচ্ছেদৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বাবে এটা বিশেষ সংগঠন দায়ী । সংগঠনটোৱে উচ্ছেদ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দি লোকসকলৰ পৰা ২৮ লাখ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

eviction violence
হিংসাত্মক পৰিস্থিতিৰ বাবে এটা সংগঠনক দোষাৰোপ মুখ্যমন্ত্ৰীৰ

By

Published : Sep 26, 2021, 11:21 AM IST

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ :দৰং জিলাৰ গৰুখুঁটিৰ উচ্ছেদ অভিযানৰ সময়ত সংঘটিত ঘটনাক লৈ সমগ্ৰ দেশতে চৰ্চা চলিছে । ইতিমধ্যে এই ঘটনাৰ তদন্ত ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) । ইফালে ৰাজ্যজুৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্ৰীৰ আন এক গুৰুত্বপূৰ্ণ মন্তব্য । মুখ্যমন্ত্ৰীয়ে দাবী কৰা মতে উচ্ছেদৰ সময়ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগত এটা সংগঠন জড়িত আছিল ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা মতে এই হিংসাত্মক ঘটনাৰ লগত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (PFI) জড়িত আছিল । উচ্ছেদ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দি সংগঠনটোৱে সেই অঞ্চলৰ লোকসকলৰ পৰা ২৮ লাখ টকা সংগ্ৰহ কৰিছিল । ইতিমধ্যে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ বিৰুদ্ধে এক ফাইল প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে ৷ তদুপৰি সংগঠনটোক নিষিদ্ধ ঘোষণা কৰিবলৈ কেন্দ্ৰলৈ সেই ফাইল প্ৰেৰণ কৰিছে ।

সংগঠনটোৱে গৰুখুঁটিৰ পৰিয়ালবোৰক উচ্ছেদ বন্ধ কৰাৰ আশ্বাস দিয়াৰ লগতে চৰকাৰক উচ্ছেদ নকৰিবলৈ মান্তি কৰাৰ প্ৰতিশ্ৰুতি দিছিল । এই প্ৰতিশ্ৰুতিৰ লগতে যোৱা তিনি মাহত ভূমিহীন পৰিয়ালখিনিৰ পৰা সংগঠনটোৰ হৈ এগৰাকী শিক্ষক আৰু প্ৰায় ৬ গৰাকী লোকে ২৮ লাখ টকা সংগ্ৰহ কৰা বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে ।

মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰশ্ন, হঠাৎ সেই স্থানত ১০ হাজাৰ লোক কেনেদৰে একত্ৰিত হৈ আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিব পাৰিলে ?

মুখ্যমন্ত্ৰীৰ মতে, সংগঠনটোৱে উচ্ছেদ বন্ধ কৰাত ব্যৰ্থ হৈছিল ৷ যাৰ বাবে এই বৃহৎ সংখ্যক লোকক একত্ৰিত কৰি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰি লাঠি-অস্ত্ৰৰে আৰক্ষীক আক্ৰমণ কৰিছিল । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মতে পিএফআই আৰু অন্যান্য ষড়যন্ত্ৰকাৰীসকলৰ বিৰুদ্ধে চৰকাৰৰ হাতত পৰ্যাপ্ত তথ্য আছে । ঘটনাৰ ন্যায়িক তদন্ত আৰম্ভ হ'লে আৰু অধিক তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হ'ব বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে ।

ইফালে ইয়াৰ পূৰ্বে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাক (AAMSU) মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল যে সকলো ভূমিহীন পৰিয়ালক ছয় বিঘা মাটি প্ৰদান কৰিব চৰকাৰে । কিন্তু আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে দাবী কৰা মতে, এতিয়ালৈ ক্ষতিগ্ৰস্ত দৰিদ্ৰ লোকসকলক কোনো ভূমি বা ক্ষতিপূৰণ দিয়া হোৱা নাই । তেওঁৰ মতে উচ্ছেদিত লোকসকলে এতিয়া খোৱাপানী, অনাময় সুবিধা অবিহনে অস্থায়ী বাসস্থানত আছে ।

উল্লেখ্য যে, উচ্ছেদৰ সময়ত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিত শ্বেখ ফৰিদ নামৰ এজন ১২ বছৰীয়া কিশোৰ আৰু ২৮ বছৰীয়া মইনুল হক নামৰ এজন লোকৰ মৃত্যু হৈছিল । ইয়াৰ মাজতে প্ৰশাসনৰ এগৰাকী ফটোগ্ৰাফাৰে মৃতদেহৰ ওপৰত জপিয়াই পৰা ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল । অৱশ্যে ফটোগ্ৰাফাৰজনক পৰৱৰ্তী সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

ইফালে, অল ইণ্ডিয়া ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰণ্টৰ (AIUDF) এটা প্ৰতিনিধি দলে শনিবাৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰে ৷ উচ্ছেদ অভিযানৰ সময়ত গুলীচালনাত নিহতসকলৰ পৰিয়ালৰ বাবে ২০ লাখ টকা আৰু আহতসকলৰ বাবে ১০ লাখ টকাৰ ক্ষতিপূৰণ দাবী কৰে । উচ্ছেদ কৰা পৰিয়ালবোৰৰ বাবে খেতিৰ উদ্দেশ্যে ছয় বিঘা ভূমি আৰু ঘৰ নিৰ্মাণৰ বাবে এক বিঘাকৈ ভূমি প্ৰদানৰো দাবী কৰে এআইইউডিএফ দলে ।

লগতে পঢ়ক:অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ বিৰুদ্ধে বিধানসভা অধ্যক্ষক অভিযোগ কংগ্ৰেছ বিধায়িনী দলৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details