অসম

assam

ETV Bharat / state

Assam Direct Recruitment 2022: তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ খালী পদৰ নিযুক্তিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক - আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত

তৃতীয় আৰু চতুর্থ শ্ৰেণীৰ পদ পূৰণৰ বাবে অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা (Assam Direct Recruitment 2022 ) সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যৰে বুধবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত এক বৈঠক অনুষ্ঠিত হয় (Assam CM chairs meeting on III, IV vacancies recruitment process) ।

Assam CM chairs meeting on Class-III, Class-IV vacancies recruitment process
তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ খালী পদৰ নিযুক্তিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

By

Published : Aug 10, 2022, 10:17 PM IST

গুৱাহাটী, 10 আগষ্ট:তৃতীয় আৰু চতুর্থ শ্ৰেণীৰ পদ পূৰণৰ বাবে অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা (Assam Direct Recruitment 2022 ) সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যৰে বুধবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত পৌৰোহিত্যত জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত এক বৈঠক অনুষ্ঠিত হয় (Assam CM chairs meeting on III, IV vacancies recruitment process) । উল্লেখ্য যে, অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ (Board of Secondary Education) দ্বাৰা এই পৰীক্ষা অনুষ্ঠিত হ'ব । আগন্তুক ২১ আগষ্টত চতুৰ্থ বৰ্গৰ আৰু ২৮ আগষ্টত তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ’ব ৷

আনহাতে ৰাজ্যখনৰ ২৪ খন জিলাত চতুৰ্থ বৰ্গৰ আৰু ২৫ খন জিলাত তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব । বৈঠকত মুখ্যমন্ত্ৰীয়ে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়ে । তেওঁ শীর্ষ বিষয়াসকলক লিখিত পৰীক্ষাৰ দিনা যাতে কোনো ধৰণৰ অনিয়ম সংঘটিত নহয়, তাৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ।

তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ খালী পদৰ নিযুক্তিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

মোবাইল ফোন আদি সামগ্ৰী লৈ কোনো প্ৰাৰ্থীয়ে যাতে পৰীক্ষা গৃহত প্ৰৱেশ কৰিব নোৱাৰে সেইটো সুনিশ্চিত কৰিবলৈ গৃহ আৰু ৰাজনৈতিক বিভাগৰ বিষয়াসকলক তেওঁ নিৰ্দেশ দিয়ে । আনহাতে, মুখ্যমন্ত্ৰীয়ে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক প্ৰতিখন জিলাতে আৰক্ষী অধীক্ষক পৰ্যায়ৰ এগৰাকী বিষয়াক জিলাখনৰ সকলো পৰীক্ষা কেন্দ্ৰৰ সুৰক্ষাৰ সামগ্ৰিক দায়িত্ব প্ৰদানৰ বাবেও কয় ।

তেওঁ লগতে প্ৰতিটো কেন্দ্ৰতে উপ-পৰিদৰ্শক পৰ্যায়ৰ একো একোগৰাকী বিষয়াক দায়িত্ব দিবলৈ নিৰ্দেশ দিয়ে । অসৎ উপায় অৱলম্বন কৰা, উৰা বাতৰি বিয়পোৱা দৰে প্ৰথাৰ আশ্ৰয় লোৱাসকলৰ বিৰুদ্ধে তেওঁ শূন্য সহনশীল নীতি গ্ৰহণ কৰিবলৈ কয় । নিকা নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচিত হোৱা মেধা সম্পন্ন যুৱক-যুৱতীসকলে ৰাজ্যখনৰ চৰকাৰী প্ৰশাসন ব্যৱস্থাটোৰ লক্ষ্যণীয় পৰিৱৰ্তন সাধন কৰিব পাৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা চাকৰি লাভ কৰা প্ৰাৰ্থীসকলে শ্ৰমৰ মৰ্যাদা সঠিকভাৱে উপলব্ধি কৰিব পাৰিব ।

এনে প্ৰার্থীসকলে কৰ্তব্যৰ প্ৰতি সচেতন হোৱাৰ লগতে অনৈতিক কাৰ্যৰ পৰা বিৰত থাকিব বুলিও তেওঁ কয় । বৈঠকত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, ৰাজ্য চৰকাৰৰ শীৰ্ষ প্ৰশাসনিক আৰু আৰক্ষী বিষয়া তথা ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:Assam Mizoram border dispute: হিমন্ত বিশ্ব শৰ্মাক দিল্লীত লগ কৰিবলৈ আগ্ৰহী জোৰামথাংগা

ABOUT THE AUTHOR

...view details