অসম

assam

ETV Bharat / state

Mission Basundhara 2.0; মিছন বসুন্ধৰা ২ ত খিলঞ্জীয়া লোককহে মাটিৰ পট্টা দিয়া হ’ব : মুখ্যমন্ত্ৰী - খিলঞ্জীয়া লোককহে মাটিৰ পট্টা দিয়া হ’ব

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মিছন বসুন্ধৰা ২.০ ৰ (Mission Basundhara 2.0) সফল ৰূপায়ণৰ বাবে আয়োজন কৰা মহকুমা পৰ্যায়ৰ ভূমি উপদেষ্টা সমিতিৰ বৈঠকত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । কোনো বিষয়াই অভাৰ স্মাৰ্ট নেদেখাব । খিলঞ্জীয়াৰ নামত আন লোকক ভূমি দিলে বিপদ বাঢ়িব বিষয়াৰ । দেশৰ ক্ষতি হোৱা তথা সন্দেহজনক লোকক কোনো কাৰণতে মাটি নিদিব । বিষয়াসকলক কঠোৰ সতৰ্কবানী মুখ্যমন্ত্ৰীৰ (Assam CM Attend SDLAC Conference at GMCH Auditorium)।

Assam CM Attend SDLAC Conference
খিলঞ্জীয়া নোহোৱা লোকক খিলঞ্জীয়া সজাবলৈ গ’লে বিপদ আছে : মুখ্যমন্ত্ৰী

By

Published : Mar 24, 2023, 10:43 PM IST

গুৱাহাটী, ২৪ মাৰ্চ : খিলঞ্জীয়া নোহোৱা লোকক খিলঞ্জীয়া সজাবলৈ গ’লে বিপদ আছে । সেয়া লাগে জিলা উপায়ুক্তই নহওক কিয় । এই সতৰ্কবানী খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে মিছন বসুন্ধৰা ২.০ ৰ সফল ৰূপায়ণৰ বাবে আয়োজন কৰা মহকুমা পৰ্যায়ৰ ভূমি উপদেষ্টা সমিতিৰ বৈঠকত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে সকীয়াই দিয়ে সংশ্লিষ্ট বিষয়াসকলক (Assam CM Attend SDLAC Conference at GMCH Auditorium)।

তেওঁ কয় যে কোনো বিষয়াই অভাৰ স্মাৰ্ট নেদেখাব । খিলঞ্জীয়াৰ নামত আন লোকক ভূমি দিলে বিপদ বাঢ়িব বিষয়াৰ । দেশৰ ক্ষতি হোৱা তথা সন্দেহজনক লোকক কোনো কাৰণতে মাটি নিদিব । এন আৰ চিত অসমীয়া জাতিক গ’ল দিয়া দি মিছন বসুন্ধৰা ২ ত দিব নোৱাৰিব (Mission Basundhara 2.0)।

‘‘মিছন বসুন্ধৰা ২’’ত খিলঞ্জীয়া লোককহে মাটিৰ পট্টা দিয়া হ’ব । খিলঞ্জীয়া নোহোৱাকে খিলঞ্জীয়া বনাই অভাত স্মাৰ্ট হ’ব নালাগে । অভাৰ স্মাৰ্ট মানুহৰ এইখন চৰকাৰত কাম নাই বুলি সদৰী কৰি তেওঁ কয় যে স্মাৰ্ট মানুহৰহে কাম আছে ।খিলঞ্জীয়া নোহোৱাকে খিলঞ্জীয়া কৰি মাটি দিয়া বুলি গম পোৱাৰ লগে লগেই কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি তেওঁ বিষয়াসকলক সকিয়াই দিয়ে ।

খিলঞ্জীয়া লোকসকলে যাতে মিছন বসুন্ধৰা ২.০ ৰ জৰিয়তে ভূমিৰ পট্টা লাভ কৰে, তাক সুনিশ্চিত কৰাৰ লগতে মধ্যভোগীয়ে যাতে কোনো ক্ষেত্ৰতে প্ৰশ্ৰয় লাভ কৰিব নোৱাৰে সেই দিশত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে । এজনো যোগ্য খিলঞ্জীয়া লোকে কোনো কাৰণতে যাতে ভূমি পট্টা লাভ কৰাৰ ক্ষেত্ৰত বঞ্চিত নহয় তাক সুনিশ্চিত কৰাৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে ।

ভূমি ক্ৰয়-বিক্ৰয়ৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত কোনো কাৰণতে যাতে বিলম্ব নঘটে সেয়া সুনিশ্চিত কৰিবলৈ বৈঠকত উপস্থিত বিষয়াসকলক তেওঁ পৰামৰ্শ প্ৰদান কৰে । আগন্তুক ১৪ নৱেম্বৰৰ ভিতৰত নিৰ্দ্ধাৰিত সময়সীমাৰ আগতে এশ শতাংশ প্ৰকৃত আৱেদনকাৰীয়ে যাতে এই মিছন বসুন্ধৰাৰ সুবিধা লাভ কৰে, সেই উদ্দেশ্যে কাম কৰি যাবলৈ তেওঁ বিষয়াসকলক আহ্বান জনায় ।

তেওঁ খিলঞ্জীয়া ৰাইজৰ ভূমি অধিকাৰ লাভ আৰু ভূমি সম্বন্ধীয় সমস্যাৰ সৰল সমাধানক গুৰুত্ব প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ লগতে সন্দেহযুক্ত লোক আৰু দালালক এই আঁচনিৰ পৰা কঠোৰভাৱে আঁতৰাই ৰাখিবলৈ নিৰ্দেশ দিয়ে ।শুকুৰবাৰে আয়োজিত উক্ত অনুষ্ঠানত অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী আৰু বিধায়কৰ লগতে চৰকাৰৰ জ্যেষ্ঠ বিষয়া, জিলা উপায়ুক্তসকল, চক্ৰ বিষয়াসকল আৰু আন আন বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :Assam Rifles raising day: 188 বছৰীয়া হ’ল উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ অসম ৰাইফলছ

ABOUT THE AUTHOR

...view details