গুৱাহাটী, 3 অক্টোবৰ : অসমৰ লগতে দেশৰ 555 গৰাকী শ্ৰৱণ আৰু বাক শক্তিহীন শিশুকে ধৰি যুৱক-যুৱতীৰ বাবে আয়োজন কৰা হয় এক বিশেষ প্ৰশিক্ষণ শিবিৰৰ ।মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ধাৰাপুৰস্থিত আচাৰ্য তুলসী মহাশ্ৰমন আশ্ৰম তথা তুলসী গ্ৰেণ্ডত অনুষ্ঠিত এই বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
5 দিনীয়া কাৰ্যসূচীৰে আয়োজিত এই প্ৰশিক্ষণ শিবিৰত শ্ৰৱণ আৰু বাক শক্তিহীন শিশু তথা যুৱক-যুৱতীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে । উল্লেখ্য যে, ৰাষ্ট্ৰীয় পৰ্যায়ত সংগঠনটোৱে শ্ৰৱণ আৰু বাক শক্তিহীন শিশুৰ দক্ষতা বিকাশ, মহ শ্ৰৱণ আৰু বাক শক্তিহীন ছাত্ৰ-ছাত্ৰীক নিয়োগ মুখী দক্ষতা প্ৰদান কৰি আহিছে ।
যোৱা 28 ছেপ্টেম্বৰত আৰম্ভ হোৱা প্ৰশিক্ষণ শিবিৰৰ সোমবাৰে সামৰণি অনুষ্ঠান অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই অনুষ্ঠান অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমত শ্ৰৱণ আৰু বাক শক্তি ছাত্ৰ-ছাত্ৰীৰ বাবে অসমত এখন বিশ্ববিদ্যালয়ৰ স্থাপনৰ প্ৰচেষ্টা হাতত ল’ব ৷ লগতে এইসকল ছাত্ৰ-ছাত্ৰী স্বাৱলম্বী হোৱাৰ বাবেও পৰিকল্পনা কৰাৰ কথাও তেওঁ সদৰী কৰে ৷