অসম

assam

ETV Bharat / state

Assam CM on Bhutan Kurichu Dam water release: ভূটানে খুলিলে কুৰিশ্ব’ বান্ধৰ পানী, ফেনেফুটুকাৰে ওফন্দিব বেকী-মানাহ: মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী - অসমৰ বান পৰিস্থিতি

জটিল হ’ব পাৰে নামনি অসমৰ বান পৰিস্থিতি ৷ ভূটানত কুৰিশ্ব’ বান্ধৰ পানী এৰিছে বান্ধ কৰ্তৃপক্ষই ৷ অসমত জিলা প্ৰশাসনক সতৰ্কবাণী ৰাজ্য চৰকাৰৰ ।

Assam CM on Bhutan Kurichu Dam water release
ভূটানে খুলিলে কুৰিশ্ব’ বান্ধৰ পানী, ফেনেফুটুকাৰে ওফন্দিব বেকী-মানাহ

By

Published : Jul 14, 2023, 9:03 AM IST

Updated : Jul 14, 2023, 10:03 AM IST

গুৱাহাটী, ১৪ জুলাই: অসমৰ বান পৰিস্থিতি অধিক জটিলতাৰ ফালে গতি কৰিছে ৷ ইয়াৰ মাজতে নামনি অসমত সীমান্তৱৰ্তী ৰাষ্ট্ৰ ভূটানৰ পৰা নামি অহা ধলে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ তাৰ মাজতে ১৪ জুলাইৰ নিশা ১২ বজাৰ পৰা ভূটানে কুৰিশ্ব বান্ধৰ পানী এৰি দিছে ৷ ভূটান চৰকাৰে এই কথা জনাইছে অসম চৰকাৰক ৷ বৃহস্পতিবাৰে এই বান্ধৰ পানী এৰিব বুলি ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷

ভূটানে খুলিলে কুৰিশ্ব’ বান্ধৰ পানী, ফেনেফুটুকাৰে ওফন্দিব বেকী-মানাহ

ভূটানৰ পাদদেশত থকা অসমৰ বৰপেটা, বঙাইগাঁও আৰু নলবাৰী জিলাত প্ৰভাৱ পেলাব পৰাকৈ এই কুৰিশ্ব বান্ধৰ পানী যথেষ্ট ৷ পূৰ্বৰ বছৰবোৰতো বৰষুণৰ ঋতুত কুৰিশ্ব’ বান্ধৰ পানীয়ে জিলাকেইখনত যথেষ্ট ক্ষতি কৰি আহিছে ৷ বান্ধৰ পানী খুলি দিয়া প্ৰসংগত আগতীয়া জাননী দিয়া পৰিলক্ষিত হোৱা নাছিল । এই বছৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে কুৰিশ্ব’ৰ পানী খুলি দিয়াৰ কথা সদৰি কৰিছে ৷

কুৰিশ্ব’ জলবিদ্যুৎ প্ৰকল্পৰ জলাশয়ৰ পানী আজি এৰাৰ কথা ১৩ জুলাইৰ দিনা ঘোষণা কৰে ৷ বান্ধটো পৰিচালনাৰ দায়িত্বত থকা ভূটানৰ ড্ৰুক গ্ৰীণ পাৱাৰ কৰ্প'ৰেশ্যন লিমিটেডে ঘোষণা কৰিছিল এই কথা ৷ ড্ৰুক গ্ৰীণ পাৱাৰ কৰ্প'ৰেশ্যন লিমিটেডে প্ৰকাশ কৰা তথ্য অনুসৰি ড্ৰুক গ্ৰীণ পাৱাৰ কৰ্পৰেশ্যনে ১৪ জুলাইৰ পুৱা ০০ বজাৰ পৰা জলাশয়টোত জমা হৈ থকা পানী নিয়ন্ত্ৰিতভাৱে মুকলি কৰিছে ৷ শুকুৰবাৰৰ পুৱা ৯:০০ ঘণ্টাৰ ভিতৰত পানী এৰি দিয়া কাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা ৷

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত যোৱা নিশা টুইটযোগে কয়, "ৰয়েল ভূটান চৰকাৰে আমাক জনাইছে যে আজি ৰাতি কুৰিচু বান্ধৰ পৰা অতিৰিক্ত পানী এৰি দিয়া হ'ব । আমি আমাৰ জিলা প্ৰশাসনক সতৰ্ক হৈ থাকিবলৈ আৰু পানীয়ে বেকী আৰু মানস নদীত ধল আনিলে জনসাধাৰণক সকলো ধৰণেৰে সহায় কৰিবলৈ সতৰ্ক কৰি দিছো“ ৷

অসম চৰকাৰৰ তথ্য অনুসৰি বৰ্তমান অসমৰ ১৯ টা ৰাজহ চক্ৰৰ মুঠ ১৭৯ খন গাঁও বানত আক্ৰান্ত হৈ আছে ৷ বানৰ দ্বাৰা সমগ্ৰ অসমতে ২২১১.৯৯ হেক্টৰ শস্য ভূমি ক্ষতিগ্ৰস্ত হৈছে । অসমৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা বৈ অহা বানে বিশেষভাৱে ইতিমধ্যে চিৰাঙত প্ৰভাৱ পেলাইছে ৷ চিৰাঙত বানৰ বাবে ১৪৩২৮ জন লোক ক্ষতিগ্ৰস্ত হৈছে। এতিয়া ভূটানৰ কুৰিশ্ব’ৰ বান্ধৰ পৰা খুলি দিয়া পানীয়ে বেকী-মানাহত তাণ্ডৱ সৃষ্টি কৰি মূলত বৰপেটাত প্ৰত্যক্ষভাৱে আৰু আন কেইবাখনো জিলাত আংশিক প্ৰভাৱ পেলাব ৷

উল্লেখযোগ্য যে, কুৰিশ্ব’ পূৱ ভূটানৰ এখন ডাঙৰ নৈ ৷ ভূটানৰ মুংগৰ জিলাত অৱস্থিত এই নৈখন ৷ কুৰিশ্ব হ’ল মানাহৰ প্ৰধান উপনৈ ৷ ই তিব্বতৰ পৰা নামি অহা এখন ডাঙৰ নৈ । তিব্বত অঞ্চলত ইয়াৰ নাম Lhozhag Nub Qu । ভূটানৰ এই কুৰিশ্ব’ নদীৰ বান্ধটোৰ বিদ্যুৎ শক্তি উৎপাদন ক্ষমতা ৬০ মেগাৱাট ৷ জলবিদ্যুৎ প্ৰকল্প ২০০১ চনত নিৰ্মাণ সম্পূৰ্ণ কৰা হয় ৷ এই প্ৰকল্প ভাৰত-ভূটান সহযোগিতাত ১৯৯৪ চনত আৰম্ভ কৰা হয় ৷ ইয়াৰ কংক্ৰিট বান্ধটোৰ উচ্চতা ৫৫ মিটাৰ ৷ ২০০৬ চনৰ এপ্ৰিল মাহত ভাৰতৰ ৰাষ্ট্ৰদূত সুধীৰ ৱ্যাসে ভুটানক কুৰিশ্ব’ বান্ধটো সমৰ্পণ কৰে । এই বান্ধৰ পৰা পানী এৰিলে মানাহ-বেকী নদীয়েদি বানপানী হৈ অসমৰ বৰপেটা জিলাত প্ৰত্যক্ষ প্ৰভাৱ পেলাই আহিছে দীৰ্ঘদিন ধৰি ।

লগতে পঢ়ক:Chirang flood update: চিৰাঙত বানাক্ৰান্ত ৰাইজৰ বিলৈ

Last Updated : Jul 14, 2023, 10:03 AM IST

ABOUT THE AUTHOR

...view details