গুৱাহাটী, ৩০ নৱেম্বৰ : অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন আলহী । পোন প্ৰথমবাৰৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত জন্ম হৈছে এটা জিৰাফৰ পোৱালী । কেইদিনমান পূৰ্বে কণমানি জিৰাফ পোৱালিটোৰ নাম বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমত পোষ্ট কৰিছিল । আজি (বৃহস্পতিবাৰ) এক ফেচবুক পোষ্টযোগে বৰ্তমান সময়লৈকে প্ৰায় ৪০০০ নাম বিভিন্নজনে পঠিয়াইছে বুলি অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
সমাজিক মাধ্যমত পোষ্ট কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কণমানি জিৰাফৰ পোৱালিটো খোজকাঢ়ি থকা এটা ভিডিঅ’ আপলোড কৰি উল্লেখ কৰে, ‘‘জিৰাফৰ পোৱালিজনী ১৪ দিনীয়া হ’ল । অতি সোনকালে তাইৰ নামকৰণ হ'ব । বৰ্তমান প্ৰায় ৪০০০ নাম লাভ কৰা হৈছে’’ ।
১৬ নৱেম্বৰত জন্ম হৈছে এই মাইকী জিৰাফৰ পোৱালীটো । ৰাজ্যিক চিৰিয়াখানালৈ এটা বছৰ পূৰ্বে পাটনাৰ পৰা অহা বিজয়া নামৰ জিৰাফটোৱে জন্ম দিছিল এই পোৱালীটো । পশু বিনিময় কাৰ্যসূচীৰ অধীনত বিজয়াক বিগত বছৰ পাটনাৰ পৰা অনা হৈছিল ।