অসম

assam

ETV Bharat / state

পৰিবহন বিভাগৰ ১০ টা অনলাইন সেৱা মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

জিলা পৰিবহন কার্যালয়ৰ কামৰ বোজা হ্ৰাস কৰি যান-বাহন আইন বলৱৎকৰণত অধিক মনোনিৱেশ কৰাত গুৰুত্ব মুখ্যমন্ত্ৰীৰ । আভ্যন্তৰীণ জল পৰিবহণ সেৱা সুৰক্ষিত আৰু সুচল কৰাৰ লক্ষ্যৰে গুৱাহাটী ভিত্তিক নৈশ ফেৰী সেৱাৰ লগতে ধুবুৰী আৰু শিলচৰ ফেৰী সেৱাৰ ই-টিকট ব্যৱস্থাৰ শুভাৰম্ভণি (Chief minister has launched several online services)।

পৰিবহন বিভাগৰ ১০ টা অনলাইন সেৱা মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে
পৰিবহন বিভাগৰ ১০ টা অনলাইন সেৱা মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

By

Published : Feb 19, 2022, 11:03 PM IST

গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী: ৰাজ্যখনৰ জনসাধাৰণক অনলাইন ৰাজহুৱা সেৱা প্ৰদানৰ দিশত আন এক উল্লেখনীয় পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই শনিবাৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত পৰিবহন বিভাগৰ ১০ টা আধাৰ সংযুক্ত অনলাইন সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে (Chief minister has launched several online services) । উল্লেখ্য যে, পৰিবহন বিভাগে বিগত বৰ্ষত গাড়ী চালনৰ শিকাৰুৰ অনুজ্ঞাপত্ৰ, চালকৰ অনুজ্ঞাপত্ৰ নবীকৰণ আৰু হেৰুওৱা বা নষ্ট হোৱা চালকৰ অনুজ্ঞাপত্ৰৰ প্ৰতিলিপি প্ৰদান- এই তিনিবিধ আধাৰ সংযুক্ত সেৱা আৰম্ভ কৰিছিল ।

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই শনিবাৰে শুভাৰম্ভ কৰা সেৱাসমূহৰ জৰিয়তে গুণগত মানসম্পন্ন ৰাজহুৱা সেৱা প্ৰদান নিশ্চিত কৰিবলৈ শনিবাৰৰ পৰা মালিকীস্বত্ব স্থানান্তৰ, হাইপোথেকেচন বাতিল আৰু অনুমোদন, আপত্তি বিহীন প্ৰমাণপত্ৰ, ঠিকনা পৰিৱৰ্তন, পঞ্জীয়নপত্ৰৰ প্ৰতিলিপি, আন্তঃর্জাতিক ড্ৰাইভিং পাৰ্মিট আদিকে ধৰি ১০ টা অনলাইন সেৱা আৰম্ভ কৰা হৈছে । শনিবাৰে শুভাৰম্ভ হোৱা এই ১০ টা অনলাইন সেৱাৰ ফলত পৰিবহণ বিভাগৰ কার্যালয়লৈ নোযোৱাকৈ কাম সমাধা হোৱাৰ ক্ষেত্ৰত বছৰি প্ৰায় ৪ লাখ লোকক উপকৃত কৰিব ।

এনে অনলাইন সেৱা আৰম্ভ হোৱাৰ পিছত বৰ্তমানলৈকে ৪ লাখ ৫২ হাজাৰ লোকে অনলাইন মাধ্যমেৰে শিকাৰুৰ অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

ৰাজ্য চৰকাৰে ৰাইজৰ সুবিধাৰ্থে সুচল ৰাজহুৱা সেৱা প্ৰদানৰ ক্ষেত্ৰত এক নতুন মানদণ্ড স্থাপন কৰাৰ দিশত অহো পুৰুষাৰ্থ কৰি আহিছে বুলি মন্তব্য কৰি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰ্শন অনুসৰি সাধাৰণ জনতাই যাতে যথাসম্ভৱ সহজে চৰকাৰী সেৱাসমূহ লাভ কৰে তাৰ বাবে ৰাজ্য চৰকাৰে যৎপৰোনাষ্টি চেষ্টা অব্যাহত ৰাখিছে ৷ এই প্ৰয়াসৰ অংশ হিচাপে অনলাইন সেৱাসমূহ আৰম্ভ কৰা হৈছে । জিলা পৰিবহন কার্যালয়সমূৰ কামৰ বোজা হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, ইয়াৰ ফলত পৰিবহন কার্যালয়সমূহে যানবাহনৰ নীতি-নিয়মসমূহ বলৱৎ কৰাৰ দিশত অধিক মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব । পৰিবহন বিভাগৰ সেৱাসমূহ ক্ৰমান্বয়ে অনলাইনযোগে প্ৰদানৰ ব্যৱস্থা কৰাৰ ফলত জিলা পৰিবহন কার্যালয়সমূহে আইন বলৱকৰণৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিব পাৰিব । বিগত বৰ্ষত ক’ভিড মহামাৰীৰ প্ৰাদূর্ভাৱ সত্ত্বেও পৰিবহন বিভাগে প্ৰায় ৮০০ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাৰ বাবে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বিভাগটোৰ শলাগ লৈ কয় যে, বিগত ৯ টা মাহত পৰিবহন বিভাগে ৰাজ্য চৰকাৰৰ অন্যতম কর্মদক্ষ বিভাগ হিচাপে পাৰদৰ্শিতা প্ৰদর্শন কৰিব পাৰিছে । আগন্তুক সময়ছোৱাতো বিভাগটোৱে এনে পাৰদৰ্শিতা অব্যাহত ৰাখিবলৈ সক্ষম হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে । অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে আভ্যন্তৰীণ জল পৰিবহণ সেৱা সুৰক্ষিত আৰু সুচল কৰাৰ লক্ষ্যৰে গুৱাহাটী ভিত্তিক ফেৰী সেৱাৰ বাবে নৈশ পথ প্ৰদর্শনৰ সুবিধাৰ লগতে ধুবুৰী আৰু শিলচৰ ফেৰী সেৱাৰ ই-টিকট প্ৰণালীৰ শুভাৰম্ভ কৰে । পঞ্চায়ত পর্যায়ৰ লোকসকলৰ সুবিধাৰ্থে এই সেৱাসমূহৰ উপলব্ধতাৰ বাবে আজি তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ সমূহীয়া সেৱা কেন্দ্ৰ আৰু পৰিবহন বিভাগৰ সৈতে এক বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয় । অসমত ১৩,৫৬৮ টা এনে কেন্দ্ৰই জনসাধাৰণক এই সেৱা লাভ কৰাত সহায় কৰিব । অনুষ্ঠানত পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী তথা বিভাগৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল ।

ইফালে অনুষ্ঠানৰ শেষত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অসমত ড্ৰাগছবিৰোধী অভিযান চলি থাকিব । ম্যানমাৰৰ লগত অসমৰ ড্ৰাগছৰ সম্পর্ক থকাৰ বাবেই কিছুমান কেচ এন চি বিক চাবলৈ দায়িত্ব দিয়া হৈছে । গুৱাহাটীৰ দুগৰাকী যুৱতী আলফালৈ যোৱাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে, ৩.৫ কোটি মানুহৰ এজন-দুজন মানুহ নাইকিয়া হোৱাৰ খবৰ মোৰ তাত নাথাকে । আনহাতে, অসম-মেঘালয়ৰ সীমা বিবাদ সমস্যা শীঘ্ৰেই সমাধান হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে । তেওঁ লগতে কয় যে, এতিয়াৰে পৰা ডিটিঅ'ৰ কাম হ'ব ৰাজহ সংগ্ৰহ কৰা । মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছে এজাহাৰ দিয়া সন্দৰ্ভত তেওঁ হিন্দীতে কয় যে, এফ আই আৰ চে কিয়া ফ'ৰক পড়তা হে, মে কিয়া দুধদানী চে দুধ পিটা হু ।

ABOUT THE AUTHOR

...view details