গুৱাহাটী,২৯ জানুৱাৰী:মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰৱ হ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ (MLA Akhil Gogoi unhappy with CM)। অৱশ্যে এইবাৰ অখিল গগৈ সৰৱ হোৱাৰ কাৰণ কিছু পৃথক । বিশেষ কাৰ্যসূচী লৈ শিৱসাগৰলৈ অহা মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিমন্ত্ৰণ নকৰিলে স্থানীয় বিধায়ক অখিল গগৈক (CM did not invite Akhil Gogoi to Sivasagar)। সেইবাবে দেওবাৰে পুৱাই সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়কগৰাকী ।
সামাজিক মাধ্যম যোগে বিধায়ক গগৈয়ে কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি অৰ্থাৎ ২৯ জানুৱাৰীত শিৱসাগৰলৈ যাব (Today CM Himanta Biswa Sarma in Sivasagar) । উদ্দেশ্য ৰংঘৰৰ ওপৰত লোৱা চৰকাৰী প্ৰকল্প সন্দৰ্ভত নাগৰিকসকলৰ লগত বাৰ্তালাপ কৰা । কিন্তু আচৰিত কথা যে, স্থানীয় বিধায়ক হিচাপে অখিল গগৈক এই আলোচনালৈ নিমন্ত্ৰণ কৰা হোৱা নাই ৷ এই বুলি অখিল গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
বিধায়ক গগৈয়ে কয় যে, ৰংঘৰৰ এই প্ৰকল্পৰ প্ৰথম প্ৰস্তাৱ তেৱেঁই উত্থাপন কৰিছিল (Rangghar Project)। এজন নিৰ্বাচিত বিধায়কক নিয়ন্ত্ৰণ নকৰাটো গণতান্ত্ৰিক কথা হয়নে বুলি প্ৰশ্ন কৰি তেওঁ কয় যে, কেৱল আজিৰ সভালৈ নিমন্ত্ৰণ নকৰাই নহয় ,পদে পদে বিধায়কৰ পদ মৰ্যাদাক অপমান কৰা হৈছে । তেওঁ লগতে কয় যে ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীলৈ তেওঁক আমন্ত্ৰণ কৰা হোৱাই নাই, অথচ সেইদিনা তেওঁ শিৱসাগৰতে আছিল (Republic Day in Sivasagar) । ইয়াৰ পূৰ্বৰ গণৰাজ্য দিৱস, স্বাধীনতা দিৱস আদিলৈকো তেওঁক আমন্ত্ৰণ কৰা হোৱা নাছিল । উপায়ুক্তক নিশ্চয় তেনেকৈ নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ অভিযোগ কৰে ।
আনকি শিৱসাগৰ জিলাত ৰাজ্যিক ভিত্তিক অনুষ্ঠিত কৰা চৰকাৰী অসম দিৱসলৈকো তেওঁক আৰু নাজিৰাৰ বিধায়কক নিমন্ত্ৰণ কৰা নাছিল বুলিও অখিল গগৈয়ে কয় । এইবোৰ কথা বিধানসভাৰ অধ্যক্ষক লিখিতভাৱে অভিযোগ দিয়া বুলি সদৰি কৰি তেওঁ পুনৰ কয় যে, বিধায়কৰ বিশেষাধিকাৰ ভংগৰ অভিযোগ অনা হৈছিল যদিও একো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল । তেওঁ বাৰম্বাৰ মুখ্যমন্ত্ৰীক লিখিত আৰু মৌখিকভাৱে জনোৱাৰ কথা সদৰি কৰি কয় যে, এয়া ফুটুকাৰ ফেনহে হৈছে ।