গুৱাহাটী,17 জানুৱাৰীঃক্ৰীড়া জগতত সুকীয়া পৰিচয় থকা অসমে বহু বছৰৰ পৰাই জন্ম দি আহিছে এজনৰ পাছত আনজন প্ৰতিভা সম্পন্ন বক্সাৰ ৷ তাৰ ভিতৰত ভাৰতৰ শীৰ্ষ বক্সাৰ সকলৰ সৈতে সমানে খোজ দিব পৰা সম্ভৱানাপূৰ্ণ বক্সাৰ সকলৰ ভিতৰত অসমৰ যমুনা বড়ো,ভাগ্যৱতী কছাৰী আৰু লভলিনা বৰগোঁহাই হৈছে অতি পৰিচিত নাম ৷
"প্ৰচুৰ সম্ভাৱনা থকা অসমৰ বক্সাৰ সকলক লাগে এখন উপযুক্ত প্লেটৰ্ফম" - অসম বক্সিং সন্থা
প্ৰচণ্ড হেঁচা আৰু প্ৰত্যাহ্বানৰ মাজতো খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱত নিজ প্ৰতিভা প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত পিছপৰি ৰোৱা নাই অসমৰ বক্সাৰ সকল ৷ প্ৰচুৰ সম্ভাৱনা থকা অসমৰ বক্সাৰ সকলে এখন উপযুক্ত প্লেটফৰ্ম পালে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিব অধিক খ্যাতি ৷
যোৱা বছৰৰ তুলনাত এই বছৰ অসমে বক্সিং প্ৰতিযোগিতাত আৰু অধিক আশাপ্ৰদ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৷ 2019 বৰ্ষত খেলো ইণ্ডিয়াৰ বক্সিং প্ৰতিযোগিতাত অসমে মাত্ৰ তিনিটা পদকহে লাভ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু তাৰ তুলনাত চলিত বৰ্ষত অসমৰ হৈ 35 গৰাকী বক্সাৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু ইতিমধ্যে বহু কেইটা পদক লাভ কৰিবলৈও সক্ষম হৈছে ৷
খেলো ইণ্ডিয়াৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ অসমীয়া বক্সাৰ সকল যদিও শাৰিৰীক আৰু মানসিকভাৱে সম্পূৰ্ণ প্ৰস্তুত তথাপি মুখ্য প্ৰশিক্ষক অমৰ ডেকাই অনুভৱ কৰে যে,প্ৰতিযোগিতাৰ নেতৃত্ব দিব পৰাকৈ বক্সাৰ সকলৰ সৈতে তেওঁ আৰু অধিক সময় অতিবাহিত কৰাৰ প্ৰয়োজন আছিল ৷
প্ৰচণ্ড হেঁচা আৰু প্ৰত্যাহ্বানৰ মাজতো নিজ প্ৰতিভা প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত অসমীয়া বক্সাৰ সকল কোনো কাৰণতে যে পিছ পৰি ৰোৱা নাই তাত কোনো ধৰণৰ প্ৰশ্ন উঠিব নোৱাৰে ৷ এনে প্ৰেক্ষাপটত ভাৰতবৰ্ষৰ অন্য ৰাজ্য সমূহৰ সৈতে সমান্তৰালভাৱে মোকাবিলা কৰিব পৰা অসমীয়া বক্সাৰ সকলক অনাগত সময়ত এখন উপযুক্ত প্লেটফৰ্ম প্ৰদান কৰাটো অত্যন্ত জৰুৰী ৷
লগতে পঢ়ক, জলকন্যা শিবাংগীৰ স্বৰ্ণ জয়