গুৱাহাটী, ৭ মাৰ্চ: এতিয়াৰে পৰা অসমত কোনোধৰণৰ ৰাজহ নগৰ (Revenue Town in Assam) নাথাকিব । সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকে(Assam cabinet) ‘ৰাজহ নগৰ’ৰ এই ব্যৱস্থাটো প্ৰত্যাহাৰৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে ।
কেবিনেটৰ অন্তত সংবাদ মাধ্যমৰ আগত এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, অসমত প্ৰায় পঞ্চাশখন এনে ৰাজহ নগৰ আছিল, যিসমূহ পৌৰসভা বা নগৰ সমিতি একোৰে অন্তৰ্ভুক্ত নাছিল । তাৰ ফলত তেনে নগৰসমূহত বাস কৰা লোকসকলে মাটি ম্যাদীকৰণৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰশাসনিক কামকাজত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈ আহিছিল । এতিয়াৰে পৰা সেই অসুবিধা নাথাকিব । ৰাজহ নগৰ বুলি পৰিচিত তেনে নগৰসমূহ পৌৰসভাৰ অধীনস্থ হ’ব । আনহাতে, পৌৰ নিৰ্বাচনৰ দৰে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণো এতিয়াৰে পৰা ই ভি এমৰ জড়িয়তে অনুষ্ঠিত হ’ব ।
আজিৰ কেবিনেটে গ্ৰহণ কৰা আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে সদৰী কৰি মন্ত্ৰী হাজৰিকাই কয় যে, এতিয়াৰে পৰা গাওঁ অঞ্চলত ব্যৱসায়ৰ বাবে স্থানীয় পঞ্চায়তৰ পৰা কোনো ট্ৰেড লাইচেঞ্চ লোৱাৰ প্ৰয়োজন নাই (Trade license is not required under Gaon Panchayat) । আনকি ঘৰ নিৰ্মাণ কৰিবলৈও পঞ্চায়তৰ পৰা অনুমতি লোৱাৰ আৱশ্যকতা নাথাকিব । এই দুয়োটা ব্যৱস্থাই আজিৰ কেবিনেটে প্ৰত্যাহাৰ কৰিছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে । অৱশ্যে গ্ৰামাঞ্চলত কেতবোৰ ক্ষেত্ৰত ট্ৰেড লাইচেঞ্চ ল’ব লাগিব ।