গুৱাহাটী, ৯ নৱেম্বৰ :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক (Assam cabinet meeting)। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।
এ পি ডি চি এলে অসমত ৫৮ লাখ স্মাৰ্ট মিটাৰ লগোৱাৰ প্ৰয়াস কৰিছে আৰু আজিৰ কেবিনেটে এইক্ষেত্ৰত অনুমোদন জনায় (Smart Electricity Meters in Assam )। লগতে কেবিনেটে আন এক সংযোজন ঘটায় । নতুন স্মাৰ্ট মিটাৰৰ সৈতে ৩০ দিনৰ বাবে পুৰণা মিটাৰো থাকিব । যাতে বিলৰ তাৰতম্য উপভোক্তাই উপলব্ধি কৰিব পাৰে । কোনো বিসংগতি নাথাকিলে এমাহৰ পাছত পূৰণা মিটাৰটো আঁতৰাই দিয়া হ'ব ।
আনহাতে কেবিনেটে হাটশিঙিমাৰি, ছালাকাটি আৰু বৰপেটাত তিনিটা পাৱাৰ গ্ৰীড বনোৱাৰ বাবে ৫৬.৭৪ কোটি টকাৰ অনুমোদন জনায় (New power grid in Assam)। সেইদৰে অসম আৰক্ষীক আৰু অধিক শক্তিশালী কৰাৰ বাবে ৩৪ গৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়া লোৱাৰ বাবে বুধবাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে । অৱসৰপ্ৰাপ্ত সেনা বিষয়াসকল মেজৰ নাইবা কৰ্ণেল পদবীৰ হ'ব । তেওঁলোকৰ কাম হ'ব সকলো পুলিচ বেটেলিয়ানত প্ৰশিক্ষণ দিয়া আৰু তেওঁলোক অতিৰিক্ত আৰক্ষী অধীক্ষক (প্ৰশিক্ষণ) পদবীৰ হ'ব । তেওঁলোকে অসম আৰক্ষীৰ বিশেষ উপ-মহা পৰিদৰ্শকক (প্ৰশিক্ষণ) ৰিপৰ্ট কৰিব ।