গুৱাহাটী, ১৬ নৱেম্বৰ : ইতিহাস হ'ল অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ । একত্ৰিত কৰা হ'ল অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক ।
এতিয়াৰে পৰা অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক একত্ৰিত কৰি অসম ৰাজ্যিক স্কুলীয়া শিক্ষা বোৰ্ড (Assam State School Education Board) হিচাবে নামাকৰণ কৰা হৈছে । ৰাজ্যিক কেবিনেটে এইক্ষেত্ৰত অনুমোদন জনায় ৷
বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিমল বড়াই ।
আজিৰ কেবিনেটতে অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক একত্ৰিকৰণৰ ক্ষেত্ৰত অনুমোদন জনায় । আনহাতে কেবিনেটৰ সিদ্ধান্ত অনুসৰি এইবছৰৰ বাজেট অধিৱেশন ৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব । ইয়াৰোপৰি মিছিং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত অসমৰ মিছিং জনবসতিপূৰ্ণ ১০ খন জিলাত আলি-আয়ে-লৃগাঙৰ ক্ষেত্ৰত চৰকাৰী বন্ধৰ দিন হিচাবে ঘোষণা কৰা হৈছে । আজিৰ কেবিনেটে এইক্ষেত্ৰত অনুমোদন জনায় ।
ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, গোলাঘাট, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া আৰু মাজুলীত আলি আই লৃগাঙৰ চৰকাৰী বন্ধ থাকিব । কেবিনেটৰ সিদ্ধান্ত অনুসৰি অন্নসেৱা সপ্তাহৰ দিন সলনি কৰা হৈছে । সেই অনুসৰি এতিয়াৰে পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত বিনামূলীয়া চাউল বিতৰণ ১ তাৰিখৰ পৰা ১০ তাৰিখলৈ কৰা হৈছে ।