অসম

assam

By

Published : Dec 19, 2022, 10:54 PM IST

ETV Bharat / state

Assam Cabinet Decision : অসমৰ পৰ্যটনক উদ্যোগ হিচাবে স্বীকৃতি কেবিনেটৰ

এতিয়াৰে পৰা পৰ্যটনৰ লগত জড়িত ব্যৱস্থাবোৰক উদ্যোগ হিচাবে গ্ৰহণ কৰা হ'ব (Industry status to Assam tourism)৷ জাগীৰোডৰ 550 একৰ ভূমিত নিৰ্মাণ কৰা হ'ব গুৱাহাটীৰ এখন উপগ্ৰহীয় চহৰ ৷

Assam Cabinet Decision
Industry status to Assam tourism

পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ সংবাদমেল

গুৱাহাটী, 19 ডিচেম্বৰ: দিছপুৰৰ জনতা ভৱনত সোমবাৰে ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকা কেবিনেট বৈঠকখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় (Assam Cabinet Decision)।

কেবিনেট বৈঠকৰ অন্তত পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সাংবাদিক মেল সম্বোধন কৰি কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সদৰী কৰে । কেবিনেটে অসমৰ পৰ্যটনক উদ্যোগ হিচাপে স্বীকৃতি প্ৰদান কৰে (Industry status to Assam tourism)। এতিয়াৰে পৰা পৰ্যটনৰ লগত জড়িত ব্যৱস্থাবোৰক উদ্যোগ হিচাবে গ্ৰহণ কৰা হ'ব ।

অসমৰ পৰ্যটনে উদ্যোগ হিচাবে স্বীকৃতি লাভ কৰাৰ পাছত এতিয়াৰে পৰা পৰ্যটনৰ লগত জড়িত ব্যৱস্থাসমূহৰ বাবে ৰাজসাহাৰ্য লাভ কৰিব ৷ আনহাতে জাগীৰোডত গুৱাহাটীৰ এখন উপগ্ৰহীয় চহৰ নিৰ্মাণৰ সিদ্ধান্তৰ প্ৰাৰম্ভিক কাম কাজৰ অনুমোদন জনায় সোমবাৰৰ কেবিনেট বৈঠকে ।

জাগীৰোডৰ 550 একৰ ভূমিত এই উপগ্ৰহীয় চহৰ নিৰ্মাণ কৰা হ'ব (Guwahati Satellite city at Jagiroad)। এই ক্ষেত্ৰত জাগীৰোডৰ স্থানীয় দল-সংগঠনৰ লগত আলোচনা কৰি উপগ্ৰহীয় চহৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব বুলি পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই জনায় । তেওঁ লগতে জনায় যে কেবিনেটত বৰ্তমান সময়ৰ লগত খাপ খুৱাকৈ কেইবাখনো পুৰণি আইন সংশোধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰ হয় ।

মঙলবাৰৰ পৰা আৰম্ভ হ'বলগীয়া বিধানসভাৰ শীতকালীন অধিৱেশনত সংশোধন হ’বলগীয়া আইনসমূহ উত্থাপন কৰা হ'ব (Assam cabinet winter session)।

লগতে পঢ়ক:Assam APSC Sacm: গেঁঠেলা মাৰিছে APSC কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া !

ABOUT THE AUTHOR

...view details