অসম

assam

By

Published : Oct 4, 2019, 6:26 PM IST

ETV Bharat / state

এডভাণ্টেজ অসমে অসমক এক নতুন বাটৰ সন্ধান দিলেঃ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

জনতা ভৱনত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল সম্বোধন ৷ সংবাদ মাধ্যমৰ আগত চৰকাৰে গ্ৰহণ কৰা প্ৰগতিশীল আচঁনিৰ বিৱৰণ দাঙি ধৰাৰ লগতে এডভাণ্টোজ অসমৰ সফলতাৰ খতিয়ান দাঙি ধৰে ৷

সংবাদমেলত এডভাণ্টোজ অসমৰ সফলতাৰ খতিয়ান মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

গুৱাহাটী, 4 অক্টোবৰঃঅসম চৰকাৰ উদ্যোগ,বাণিজ্য তথা পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে শুক্ৰবাৰে জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি ৰাজ্য চৰকাৰে বিশেষকৈ মন্ত্ৰীগৰাকীৰ নিজ বিভাগে শেহতীয়াভাৱে গ্ৰহণ কৰা জনকল্যাণমূলক আঁচনিৰ বিৱৰণ দাঙি ধৰে ৷ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এডভাণ্টেজ অসমে অসমক এক নতুন বাটৰ সন্ধান দিলে বুলি অভিহিত কৰে ৷ তেওঁ চৰকাৰে গ্ৰহণ কৰা এডভাণ্টোজ অসমৰ সফলতাৰ খতিয়ান দাঙি ধৰে ৷ ৰাজ্যৰ পৰিবহণ, উদ্যোগ , বাণিজ্য আৰু কৌশল বিকাশ ক্ষেত্ৰত পূৰ্বৰ তুলনাত বিনিয়োগৰ পৰিমাণ বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰে ৷ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে এই বৰ্দ্ধিত বিনিয়োগৰ আঁৰত এডভাণ্টেজ অসমৰ অৰিহণাৰ কথাও ব্যক্ত কৰে ৷ তেওঁ সংবাদ মাধ্যমক জনায় যে এডভাণ্টোজ অসমত 207 খন বুজাবুজি চুক্তিৰ জৰিয়তে 79 হাজাৰ কোটি টকা বিনিয়োগৰ বাবে বিভিন্ন কোম্পানী আগবাঢ়ি আহিছিল ৷ ইয়াৰ ভিতৰত এতিয়ালৈকে 56,776,44 কোটি টকা অসমত বিনিয়োগ হৈছে ৷ তাৰ ভিতৰত পেট্ৰ'লিয়াম খণ্ডত 42,782.28 কোটি টকা বিনিয়োগ হৈছে বুলি অৱগত কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে অসমত শেহতীয়াকৈ কেইবাটাও উদ্যোগ স্থাপনৰ বিভাগীয় সিদ্ধান্তৰ কথা ব্যক্ত কৰে ৷ ইয়াৰ ভিতৰত ছয়গাঁৱত বন্ধ হোৱা জুট মিল উদ্যোগ সমূহ নতুনকৈ আৰম্ভ কৰা, টিহুত এখন ৰডৰ ফেক্টৰীফাৰ্মা পাৰ্ক, ছিপাঝাৰত এখন অত্যাধুনিক টেক্সটাইল পাৰ্ক, জাগীৰোডত এখন এম এচ এম ই পাৰ্ক, দক্ষিণ কামৰূপৰ ৰামপুৰত এটা পেপচী উদ্যোগ, যোগীঘোপাত হ'ব ''INTERNATIONAL MULTINATIONAL LOGISTIC HUB'' ইত্যাদি এলানি দীৰ্ঘম্যাদী লঘু আৰু বৃহৎ উদ্যোগ স্থাপনৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷

সংবাদমেলত এডভাণ্টোজ অসমৰ সফলতাৰ খতিয়ান মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

আনহাতেদি ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে আছিয়ান দেশৰ সৈতে অসম তথা উত্তৰ-পূবৰ পোনপটীয়া সংযোগ স্থাপনৰ বাবে চেষ্টা অব্যাহত ৰখাৰ কথা উল্লেখ কৰে ৷ আছিয়ান দেশৰ সৈতে যোগাযোগ-পৰিবহণ ব্যৱস্থাৰ প্ৰসাৰৰ উদ্দেশ্যে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ঢাকা-গুৱাহাটী বিমানসেৱাৰ পাছত গুৱাহাটী-কাঠমাণ্ডু, গুৱাহাটী-কুৱালালামপুৰ, গুৱাহাটী-হানয়,গুৱাহাটী-বেংকক আৰু গুৱাহাটী-ছিংগাপুৰ মাজত বিমানসেৱা অতি শীঘ্ৰেই আৰম্ভ কৰাৰ পৰিকল্পনাৰ কথাও দোহাৰে মন্ত্ৰীগৰাকীয়ে ৷

আৰু চাওক

For All Latest Updates

ABOUT THE AUTHOR

...view details