অসম

assam

ETV Bharat / state

হঠাৎ বাতিল জৰুৰী কেবিনেট বৈঠক

হঠাৎ বাতিল জৰুৰী ভাবে আহ্বান জনোৱা কেবিনেট বৈঠক ৷ গুৱাহাটীত উপস্থিত হৈছিল ৰাজধানী চহৰৰ বাহিৰত থকা মন্ত্ৰীসকলো ৷

কেবিনেট বৈঠক
কেবিনেট বৈঠক

By

Published : Dec 19, 2019, 8:24 PM IST

গুৱাহাটী, 19 ডিচেম্বৰ: হঠাৎ বাতিল কৰা হ'ল জৰুৰী ভাবে আহ্বান জনোৱা কেবিনেট বৈঠক ৷ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱাৰ কথা আছিল জৰুৰী বৈঠকখন ৷ গুৱাহাটীৰ বাহিৰত থকা সকলো মন্ত্ৰীকে এই জৰুৰী কেবিনেটত উপস্থিত থাকিবলৈ দিয়া হৈছিল ৷ ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছিল ৰাজধানী চহৰৰ বাহিৰত থকা মন্ত্ৰীসকলো ৷

হঠাৎ বাতিল জৰুৰী কেবিনেট বৈঠক

প্ৰাপ্ত তথ্য অনুসৰি আজিৰ কেবিনেটত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে ৰখাত যাতে কোনো প্ৰত্যাহ্বানৰ সৃষ্টি নহয়, সেই সম্পৰ্কে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা আছিল ৷

লগতে পঢ়ক: ৰাজ্যৰ শেহতীয়া পৰিস্থিতিত শংকিত বিজেপি বিধায়ক, মুখ্যমন্ত্ৰীক সাক্ষাৎ

ABOUT THE AUTHOR

...view details