নিউজ ডেস্ক , 20 আগষ্ট :এতিয়াৰে পৰা দশম শ্ৰেণীলৈ বাধ্যতামূলক হ'ব ভূগোল আৰু বুৰঞ্জী বিষয় ৷ শুকুৰবাৰে অনুষ্ঠিত চৰকাৰৰ চতুৰ্দশ কেবিনেটত ৰাজ্য চৰকাৰে লোৱা এই সিদ্ধান্তৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাই ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই জানিবলৈ দিয়া অনুসৰি এতিয়াৰে পৰা ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত দশম শ্ৰেণীলৈকে ভূগোল আৰু বুৰঞ্জী বিষয় বাধ্যতামূলক হ'ব ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, আগন্তুক বৰ্ষৰ পৰা ৰাজ্যৰ প্ৰতিখন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হ’ব ৷ ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি প্ৰতিখন জুনিয়ৰ কলেজত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান হ'ব ৷ এই ব্যৱস্থাৰ বাবে বিদ্যালয় একত্ৰীকৰণ আৰু অন্যান্য প্ৰয়োজনীয় পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিব বুলি ড৹ শৰ্মাই সদৰী কৰে ৷
লগতে পঢ়ক :মহানগৰীত বন্ধ হ'ব পেট্ৰ'ল-ডিজেল চালিত বাছ