গুৱাহাটী, ২৯ অক্টোবৰ:ৰাজ্যৰ উদ্যোগখণ্ডক অগ্ৰাধিকাৰ দিয়াৰ বাবে অসম কেবিনেটে সিদ্ধান্ত লৈছে ৷ সেই অনুসৰি কেবিনেটে দ্যা আছাম উডবেচড ইণ্ডাষ্ট্রিজ প্রমোচন এণ্ড ডেভেলপমেন্ট ৰুলচ-২০২২ত শনিবাৰে অনুমোদন জনায় । একেদৰে বসুন্ধৰা-২ ৰ কাম নৱেম্বৰ মাহৰ পৰা আৰম্ভ কৰাৰো সিদ্ধান্ত লয় অসম কেবিনেটে ।
উল্লেখ্য যে, মুখ্যমন্ত্রী হিমন্ত বিশ্বৰ সভাপতিত্বত শনিবাৰে জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকখন অনুষ্ঠিত হয়(Decision of Cabinet meeting) । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰী কৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই ।
কেবিনেটে দ্যা আছাম উডবেচড ইণ্ডাষ্ট্রিজ প্রমোচন এণ্ড ডেভেলপমেন্ট ৰুলচ-২০২২ত অনুমোদন জনাই উডবেচড উদ্যোগৰ উন্নয়নৰ বাবে কেতবোৰ নতুন নিয়ম নিৰ্ধাৰণ কৰে ৷ ইয়াৰ দ্বাৰা অগৰু আৰু প্লাইউডৰ উদ্যোগ লাভৱান হ'ব । আনহাতে কেবিনেটে মিছন বসুন্ধৰা-২ৰ ক্ষেত্রত অনুমোদন জনায় । নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব বসুন্ধৰা-২(Mission Basundhara 2) ৰ কাম কাজ ।