গুৱাহাটী, 22 মাৰ্চ: ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হয় ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে অৱগত কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু ডাঃ ৰণোজ পেগুৱে ৷
বুধবাৰৰ কেবিনেটে চাহ বাগিচাৰ বিদ্যালয়ৰ বাবে উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰে ৷ কেবিনেটৰ সিদ্ধান্ত অনুসৰি অসমৰ চাহ বাগিচাসমূহত বাগান কৰ্তৃপক্ষই স্থাপন আৰু পৰিচালনা কৰা 419 খন বিদ্যালয় প্ৰদেশিকীকৰণ কৰা হ’ব ৷ কিন্তু বাগিচা কৰ্তৃপক্ষই নিযুক্তি দিয়া শিক্ষকসকলৰ চাকৰি পূৰ্বৰ দৰেই বাগান কৰ্তৃপক্ষৰ অধীনত থাকিব । তেওঁলোকৰ পদ প্ৰাদেশিকীকৰণ কৰা নহয় (Provincialization of tea garden school) ৷
আনহাতে চাহ বাগিচাৰ প্ৰাদেশিকীকৰণ কৰা প্ৰাথমিক বিদ্যালয়ত দুজনকৈ শিক্ষক চৰকাৰে নিযুক্তি দিয়াৰ লগতে নতুনকৈ পদ সৃষ্টি কৰিব (Teacher appointment in tea garden school) ৷ তদুপৰি বিদ্যালয়সমূহত বিনামূলীয়া পোচাক, পাঠ্যপুথি, মধ্যাহ্ন ভোজনৰ ব্যৱস্থা চৰকাৰে কৰিব ৷ চৰকাৰী বিদ্যালয়ৰ সকলো সুবিধা চাহ বাগিচাৰ বিদ্যালয়সমূহে লাভ কৰিব ৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতি বছৰে প্ৰায় 33 কোটি টকা ব্যয় হ’ব ৷
সেইদৰে চাহ বাগিচাৰ দুখন এম ই স্কুলত দুজনকৈ শিক্ষকক নিযুক্তি দিয়া হ’ব আৰু এখন হাইস্কুলত প্ৰধান শিক্ষককে ধৰি আন পাঁচগৰাকী শিক্ষকৰ পদ সৃষ্টি কৰা হ’ব । আনহাতে, মুখ্যমন্ত্ৰীৰ স্ব-নিয়োজন আঁচনিৰ বাবে আজিৰ কেবিনেটে এহাজাৰ কোটি টকাৰ আৱণ্টন দিয়ে । এই আঁচনিৰ যোগেদি 1 লাখ যুৱক-যুৱতীক 2 লাখ টকাকৈ ৰাজসাহায্য দি সংস্থাপন দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ স্ব-নিয়োজন আঁচনিৰ যোগেদি আগন্তুক তিনিবছৰৰ ভিতৰত 2 লাখ যুৱক-যুৱতীক সংস্থাপিত কৰাৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে (Assam govt placement) ৷