কেবিনেটৰ সিদ্ধান্তৰ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা গুৱাহাটী, ৭ নৱেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত মঙলবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।
আজিৰ কেবিনেটত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটৰ সিদ্ধান্ত অনুসৰি অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমহাৰৰ কৰা হৈছে । মৰগীয়া বানচ ৪২ শতাংশৰ পৰা ৪ শতাংশ বৃদ্ধি কৰি ৪৬ শতাংশ কৰা হৈছে । এই সিদ্ধান্ত পহিলা ডিচেম্বৰৰ পৰা কাৰ্যকৰী কৰা হ'ব আৰু জুলাই মাহৰ পৰা নৱেম্বৰ মাহলৈ পাঁচ মাহৰ বকেয়া জানুৱাৰী আৰু এপ্ৰিল মাহত দুটা কিস্তিত কৰ্মচাৰীসকলে লাভ কৰিব ।
আনহাতে আজিৰ কেবিনেটত অসমৰ চৰ-চাপৰি অঞ্চলত মধ্যাহ্ন ভোজন আঁচনিত সপ্তাহত তিনিদিনকৈ কণী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ডিচেম্বৰ মাহৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী কৰা হ'ব । সেইদৰে ইংলিছ লেংগুৱেজ টিছিং ইনষ্টিটিউটক ষ্টেট কাউন্সিল অব এডুকেচনেল ৰিচাৰ্ছ এণ্ড ট্ৰেনিং (এছ চি আৰ টি) একেটা প্ৰশাসনীয় ব্যৱস্থাৰ মাধ্যমেৰে পৰিচালিত কৰাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ।
কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্যৰ পাঁচখন জিলাত বসুন্ধৰা-২ৰ জৰিয়তে ২৫৩৮ গৰাকী ভূমিহীন লোকক ভূমিৰ পট্টা দিয়া হ'ব । মৰিগাঁও জিলাত দুগৰাকী, বঙাইগাঁও জিলাত ৬৯ গৰাকী, গোৱালপাৰা জিলাত ৯০ গৰাকী, ডিব্ৰুগড় জিলাত ১০৭১ গৰাকী আৰু শোণিতপুৰ জিলাত ১৩০৬ গৰাকী লোকক পট্টা দিয়া হ'ব । আনহাতে চাহ বাগিচা অঞ্চলৰ চিকিৎসালয়সমূহত প্ৰয়োজন হোৱা বিনামূলীয়া ঔষধ আৰু আন সামগ্ৰীৰ বাবে কেবিনেটে ১৩৫ কোটি টকাৰ অনুমোদন জনায় । সেইদৰে আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনত নিৰ্মীয়মান কেন্সাৰ কেয়াৰ হাস্পতালৰ বাবে আজিৰ কেবিনেটে ১৩৫ কোটি টকাৰ অনুমোদন জনায় । আনহাতে নলবাৰীৰ কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰথমখন ষ্টেটুৰ বাবে কেবিনেটে অনুমোদন জনায় ।
লগতে পঢ়ক :Controversy of Sankardev Sangha Program: মই সৰু মানুহ মোক আজমলে কিনিব পাৰে: মুখ্যমন্ত্ৰী